✒️ হীৰেন শৰ্মা
সময় সলনি হৈছে। উন্নত প্ৰযুক্তিৰ হাতে হাত ধৰি সলনি হৈছে দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক পৰিকাঠামো। এই পৰিৱৰ্তিত পৰিস্থিতিৰ মূল চালিকা শক্তি হৈছে যুৱ শক্তি। এখন দেশৰ যুৱ শক্তিয়ে হৈছে দেশখনৰ হৃদস্পন্দন স্বৰূপ। ৰূপান্তৰকামী এই যুৱ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে দেশৰ ভৱিষ্যত। সম্প্ৰতি ভাৰতবৰ্ষক সমগ্ৰ বিশ্বতে এখন “যুৱ দেশ” বুলিয়ে গণ্য কৰা হয়। কিয়নো ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় এক চতুৰ্থাংশ হৈছে যুৱ প্ৰজন্ম। অৰ্থাৎ দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪০ কোটি যুৱ প্ৰজন্মৰ প্ৰতিনিধি। এই প্ৰজন্মটো হৈছে তথ্য-প্ৰযুক্তি নিৰ্ভৰ। ডিজিটেল যুগৰ বাসিন্দা তেওঁলোক। স্মাৰ্ট ফোন আৰু ছ’চিয়েল মিডিয়াই এই প্ৰজন্মৰ সংগ্ৰামৰ অস্ত্ৰ। এই বৃহৎ সংখ্যক যুৱ প্ৰজন্মই হৈছে আমাৰ দেশৰ বৃহৎ সম্পত্তি। যাক অৰ্থনীতিৰ ভাষাত “ডেম’গ্ৰাফিক ডিভিডেন্ট” বুলি ক’ব পাৰি। প্ৰকৃততে এই যুৱ শক্তি দুমুখীয়া তৰোৱালৰ দৰে। সঠিক শিক্ষা-দীক্ষা, দক্ষতা আৰু সংস্থাপনৰ মাধ্যমেৰে যুৱ শক্তিৰ জৰিয়তে ভাৰতত বৃহৎ পৰিৱৰ্তন সাধন কৰাটো সম্ভৱ। কিন্তু ব্যতিৰেকে এই বিশাল ‘ডেম’গ্ৰাফিক ডিভিডেন্ট’ “ডেম’গ্ৰাফিক ডিজাষ্টাৰ” অৰ্থাৎ জনসংখ্যাগত দুৰ্যোগলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। দক্ষিণ এছিয়াৰ ৰাজনীতিত কিছু দিন পূৰ্বে যুৱ শক্তিৰ ক্ষোভে ওলট-পালটৰ সৃষ্টি কৰিছে। নেপাল, বাংলাদেশ, শ্ৰীলংকাৰ দৰে চুবুৰীয়া ৰাষ্ট্ৰত যুৱপ্ৰজন্মই দেখুওৱা ৰুদ্ৰমূৰ্তিয়ে ভাৰতকো চিন্তিত কৰি তুলিছে। কিয়নো ২০১৪ চনত কেন্দ্ৰত এন ডি এ চৰকাৰ শাসনলৈ অহাৰ মূলতেই আছিল দেশৰ যুৱ শক্তি। ইউ পি এ চৰকাৰৰ দীৰ্ঘদিনীয়া অপশাসনৰ বাবে বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল গৰিষ্ঠসংখ্যক যুৱ ভোটাৰে। নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মৰ প্ৰতি দেখুওৱা আগ্ৰহে যুৱ ভোটাৰসকলক আকৰ্ষিত কৰিছিল। কিন্তু এন ডি এৰ ধাৰাবাহিক তিনিটা শাসনকালত চৰকাৰৰ প্ৰতি হয়তো যুৱ প্ৰজন্মৰ মোহভংগ ঘটিছে। দেশৰ শিক্ষা ব্যৱস্থা, নিৱনুৱা সমস্যাই যুৱ সমাজক এতিয়া বাৰুকৈয়ে ক্ষুব্ধ কৰি তুলিছে। ইয়াৰ স্পষ্ট প্ৰমাণ দেখা গ’ল কিছু দিন পূৰ্বে ককৰোজ জনতা পাৰ্টিৰ উদ্যোগত দেশজুৰি যুৱ শক্তিয়ে চলোৱা প্ৰতিবাদত। সততে প্ৰতিবাদক গুৰুত্ব আৰোপ নকৰা কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে এইবাৰ দেশৰ যুৱ শক্তিৰ ওচৰত শিৰ নত কৰিবলৈ বাধ্য হ’ল। কেৱল সিমানেই নহয়, যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত নিজেই ৰীল বনালে। কাৰণ দেশৰ যুৱ শক্তিক অসন্তুষ্ট কৰি যে শাসনত অধিষ্ঠিত হৈ থকাটো সম্ভৱ নহয় সেই কথা অনন্ত: মোদী চৰকাৰে ভালকৈয়ে জানে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতেও দেশৰ যুৱপ্ৰজন্মৰ শক্তিৰ কথা ৰাজহুৱাকৈ স্বীকাৰ কৰিছে। কিন্তু গতিশীল নেতৃত্বৰে দেশক আগুৱাই নিব খোজা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰখনৰ প্ৰতি দেশৰ যুৱ প্ৰজন্ম ইমান ক্ষুব্ধ হোৱাৰ নিশ্চয় কাৰণ নথকা নহয়। এই কথা বিশ্লেষণ কৰিলে দেখা যায় যে সংস্হাপনহীতাই হৈছে যুৱ প্ৰজন্মৰ অসন্তুষ্টিৰ মূল কাৰণ। বিজেপিয়ে শাসনলৈ অহাৰ পূৰ্বে সংস্হাপনৰ যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি পূৰণত চৰকাৰ সফল হ’ব পৰা নাই। তথ্য অনুসৰি দেশত বৰ্তমান নিৱনুৱাৰ সংখ্যাই ১কোটি ১০লাখৰ ঘৰ অতিক্ৰম কৰিছে। চৰকাৰী তথ্য মতে দেশত বৰ্তমান ৯.৯ শতাংশ নিৱনুৱা আছে। অৰ্থাৎ প্ৰতিজন যুৱক-যুৱতীৰ ভিতৰত এজনকৈ নিৱনুৱা আছে। কিন্তু অতি দুখ লগা কথা যে দেশত বৰ্তমান উচ্চ শিক্ষিত নিবনুৱা যথেষ্ট বৃদ্ধি পাইছে। আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ সমীক্ষা মতে দেশত স্নাতক ডিগ্ৰীধাৰী নিৱনুৱা ১৬ গুণ বৃদ্ধি পাইছে। সমীক্ষাটোৰ মতে ১৫ৰপৰা ২৫ বছৰীয়া নিৱনুৱাৰ হাৰ হৈছে ৪০ শতাংশ আৰু ২৫ৰপৰা ২৯ বছৰীয়া নিৱনুৱাৰ হাৰ ২০ শতাংশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া এটা ভাষণত এই কথা আমি শুনিবলৈ পাইছো যে, তেওঁ ৰাজ্যৰ শিক্ষাৰ্থী সকলক বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষাত অধিক মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীৰ মতে তেতিয়াহে চৰকাৰে সংস্হাপন দিয়াত সুবিধা হয়। এনেবোৰ কথাই দেশৰ শিক্ষা ব্যৱস্থাত যে বৃহৎ সংস্কাৰৰ প্ৰয়োজন আছে, সেই কথাকে প্ৰতিপন্ন কৰে। দেশৰ যুৱ সমাজেও শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবেই দাবী জনাই আহিছে। অনাগত দিনত যদি চৰকাৰে দেশৰ নতুন প্ৰজন্মৰ বাবে বৃহৎ সংস্কাৰৰ পদক্ষেপ নলয় তেন্তে ইয়াৰ পোনপটীয়া প্ৰভাৱ ২০২৯ৰ সাধাৰণ নিৰ্বাচনত যে পৰিব সেয়া ধূৰূপ। কিয়নো বৰ্তমান দেশত ১৮ৰপৰা ২৯ বছৰ বয়সৰ ভোটাৰ হৈছে ২২ কোটিৰো অধিক। যুৱ ভোটাৰৰ সমান্তৰালকৈ দেশত মহিলা ভোটাৰৰ সংখ্যাও যথেষ্ট বাঢ়িছে। ইতিমধ্যে ছাউদাৰ্ন কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ এটা গৱেষণাত ২০২৯ৰ নিৰ্বাচনত ৩০ শতাংশ জেন জিয়ে ভাগ্য নিৰ্ণয় কৰিব বুলি কোৱা হৈছে। অসমতো ৩০.৭ শতাংশ জেন জি ভোটাৰে এই নিৰ্বাচনত মূখ্য ভূমিকা পালন কৰিব। অৱশ্যে দেশৰ যুৱপ্ৰজন্মৰ অসন্তুষ্টিৰ কথা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে কিছু হ’লেও উপলব্ধি কৰিব পাৰিছে বুলি ক’ব পাৰি! যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সকলো কেবিনেট সতীৰ্থক সামাজিক মাধ্যমৰ জৰিয়তে যুৱ প্ৰজন্মৰ সৈতে সম্পৰ্কিত হৈ থাকিবলৈ নিৰ্দেশ দিছে। বিভিন্ন মন্ত্ৰালয়কো দেশৰ যুৱ শক্তিৰ সৈতে সংযুক্ত হৈ থাকিবলৈ কৈছে প্ৰধানমন্ত্ৰীয়ে। যুৱ প্ৰজন্মৰ অসন্তুষ্টিৰ কথা অনুধাৱন কৰিয়েই হয়তো চৰকাৰে ৮০ সংখ্যক স্বাধীনতা দিৱসত ‘যুৱ শক্তি’ক মূল বিষয় হিচাপে নিৰ্বাচন কৰিছিল। দেশৰ যুৱ শক্তিৰ মন বুজাৰ বাবে এজনকৈ কেন্দ্ৰীয় মন্ত্ৰীক এখনকৈ বিশ্ববিদ্যালয়লৈ যোৱাৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু কথা হ’ল দেশৰ যুৱপ্ৰজন্মক আশ্বাসেৰে কেৱল নিৰ্বাচন জয় কৰাটোৱে যদি সকলো ৰাজনৈতিক দলৰে লক্ষ্য হয়, তেন্তে অনাগত দিনত কিন্তু ইয়াৰ কুফল সমগ্ৰ দেশে ভুগিব লাগিব। পৰিকল্পিত নীতিৰে দেশৰ যুৱ শক্তিক সম্পদলৈ ৰূপান্তৰ কৰিব পাৰিলে ভাৰত এদিন বিশ্ব গুৰু হৈ উজলি উঠাত কাৰো হয়তো সন্দেহ নাথাকিব। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে দেশৰ যুৱ শক্তিক সম্পদলৈ পৰিৱৰ্তন কৰাৰ বাবে প্ৰথমেই সকলোৱে যুৱ প্ৰজন্মৰ মনৰ ভাব মন দি শুনাৰ প্ৰয়োজন। যুৱ প্ৰজন্মৰ সকলো দাবীয়েই যে এশ শতাংশ শুদ্ধ হ’ব সেই কথাও শুদ্ধ নহয়। যেনেকৈ এখন ঘৰত জ্যেষ্ঠ আৰু কনিষ্ঠ সকলোৰে পৰামৰ্শৰ ভিত্তিতহে সিদ্ধান্ত লোৱাটো প্ৰয়োজন, ঠিক একেদৰে দেশক আগুৱাই নিয়াৰ ক্ষেত্ৰতো নতুন প্ৰজন্মৰ চিন্তাধাৰাক গুৰুত্ব দিয়াটো প্ৰয়োজন।
আমি বিশ্বাসী বিশ্বত উন্নয়নৰ কাহিনী লিখিব পৰা শক্তি আমাৰ এই যুৱপ্ৰজন্মৰ আছে। তেনেক্ষেত্ৰত যুৱ শক্তিৰ জয়গান মানেই যে দেশৰ জয়গান, তাত হয়তো কাৰো দ্বিমত নাথাকিব।
