নেপালত হিমস্খলনৰ ভয়ংকৰ তাণ্ডৱ! ৪ জনৰ মৃত্যু, সন্ধানহীন ১২জন

নেপালৰ উত্তৰ-মধ্যাঞ্চলৰ ৭,১২৬ মিটাৰ উচ্চতাৰ মাউণ্ট হিমলুংত ভয়ংকৰ হিমস্খলনত কমেও ৪জনৰ মৃত্যু হৈছে। সোমবাৰে উদ্ধাৰকাৰী দলে অভিযান চলাই আৰু দুটা মৃতদেহ উদ্ধাৰ কৰে। এতিয়াও ১২জন লোক সন্ধানহীন হৈ আছে।

দেওবাৰে হিমস্খলনে পাহাৰৰ বেছ কেম্পত থকা তম্বুবোৰ বৰফৰ তলত পুতি পেলোৱাৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ হয়। নেপাল নেচনেল মাউণ্টেইন গাইড এছ’চিয়েচনৰ ৮জন অভিজ্ঞ পৰ্বতাৰোহণ গাইডে বতৰৰ সামান্য উন্নতিৰ সুযোগ লৈ বৰফ আঁতৰাই উদ্ধাৰ অভিযান চলায়।

হিমস্খলনৰ পিছত মুঠ ১০জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। নিহত আৰু সন্ধানহীন সকলো লোকেই নেপালী নাগৰিক। শৰৎকালীন পৰ্বতাৰোহণৰ বতৰত বিদেশী পৰ্যটকৰ বাবে প্ৰস্তুতি চলাই থকা সময়তে তেওঁলোক বেছ কেম্পত আছিল।

ইফালে, মানাং জিলাত ধাৰাসাৰ বৰষুণৰ ফলত বানপানী আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে। নেপালৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ তথ্য অনুসৰি, বৃহস্পতিবাৰৰ পৰা দেওবাৰলৈ দেশখনৰ বিভিন্ন স্থানত আন ২১জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫জন লোক সন্ধানহীন হৈ আছে।

উল্লেখ্য, আগষ্ট মাহতো ভয়ংকৰ বানপানীয়ে নেপালত ব্যাপক ধ্বংসযজ্ঞ চলাইছিল। সেই বানত ১,৪০০ৰো অধিক লোকৰ মৃত্যু আৰু প্ৰায় ৬,০০০ লোক সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...