ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

মনোনয়ন পত্ৰ দাখিলক লৈ দুটা ফৈদৰ মাজত সংঘটিত হয় মাৰপিট। ঘটনাত মাচুক আহমেদ, শ্বামিম আহমেদ আৰু শ্বাহনেৱাজ আহমেদ নামৰ তিনিগৰাকী ছাত্ৰ আহত। আহত তিনিওজনকে ডবকাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ঘটনাৰ খবৰ পাই ডবকা আৰক্ষী মহাবিদ্যালয়খনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে, ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দেখি মহাবিদ্যালয় কৰ্তৃপক্ষই গেট বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

অৱশ্যে, কি কাৰণত এই মাৰপিটৰ ঘটনা সংঘটিত হ’ল, সেই সন্দৰ্ভত বৰ্তমানলৈকে কোনো পক্ষই স্পষ্টকৈ মুখ খোলা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতি; বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা, প্ৰায় ৪০টা ঘৰত অগ্নি সংযোগ

মণিপুৰৰ পাহাৰীয়া জিলাসমূহত পুনৰ হিংসাত্মক ঘটনা ২৩ ছেপ্টেম্বৰত তামেংলং...