দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে সিদ্ধান্তসমূহ সদৰী কৰে।

এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ৭৯৬ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে। মীনপালন খণ্ডৰ উন্নয়নৰ বাবে এই ঋণ গ্ৰহণ কৰা হ’ব। ইয়াৰে ৬৩৭ কোটি টকা কেন্দ্ৰীয় চৰকাৰে পৰিশোধ কৰিব। অক্টোবৰৰ পৰা সুলভ মূল্যৰ চেনি আৰু দাইল ১০০ টকাত লাভ কৰিব উপভোক্তাই। আত্মসহায়ক গোটৰ মহিলাসকলে ৩১ মাৰ্চলৈ আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে। পাথাৰকান্দিত কৃষি মহাবিদ্যালয় স্থাপনৰ বাবে ২৫৬ বিঘা ভূমি আবণ্টন দিয়া হৈছে।

দুৰ্গাপূজা উপলক্ষে অক্টোবৰত অৰুণোদয় আঁচনিৰ ধন ১,৫০০ টকাকৈ প্ৰদান কৰা হ’ব। অসম চাহ নিগমৰ অধীনস্থ চাহ বাগিচাসমূহৰ কৰ্মচাৰীক ২০ শতাংশ বোনাছ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। দুৰ্গাপূজা উপলক্ষে ১৭ অক্টোবৰত অতিৰিক্ত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে।

কেবিনেটৰ এই সিদ্ধান্তসমূহৰ জৰিয়তে মীনপালন, কৃষি, খাদ্য যোগান, মহিলা সবলীকৰণ আৰু চাহ উদ্যোগকে ধৰি কেইবাটাও খণ্ডত গুৰুত্ব দিয়াৰ কথা প্ৰকাশ পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...

মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতি; বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা, প্ৰায় ৪০টা ঘৰত অগ্নি সংযোগ

মণিপুৰৰ পাহাৰীয়া জিলাসমূহত পুনৰ হিংসাত্মক ঘটনা ২৩ ছেপ্টেম্বৰত তামেংলং...