শিক্ষা-সম্পৰ্কীয় কেইবাটাও দাবীক লৈ All Nyishi Students’ Union (ANSU)-এ আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধক কেন্দ্ৰ কৰি ইটানগৰত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। বৃহস্পতিবাৰে পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ বন্ধৰ আহ্বান জনাইছিল সংগঠনটোৱে।
বন্ধৰ সময়ত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ লগতে বাহন জ্বলাই দিয়াৰ ঘটনাও সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বন্ধৰ প্ৰভাৱত ইটানগৰ ৰাজধানী অঞ্চলত স্বাভাৱিক জনজীৱন ব্যাহত হয়।
ANSUৰ দাবীসমূহৰ ভিতৰত ন্যিছি অধ্যুষিত জিলাসমূহৰ ৫৬খন চিনাক্ত বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, Toru Engineering College আৰু Pake-Kessang Special Needs School-ৰ বিভিন্ন সমস্যা সমাধান, লগতে Neelam Taram Government College, Yachuli-ত B.Ed. পাঠ্যক্ৰমৰ বিজ্ঞাপন শীঘ্ৰে প্ৰকাশ কৰা আদি বিষয় সন্নিবিষ্ট হৈ আছে।
ইফালে, ইটানগৰ ৰাজধানী অঞ্চলৰ জিলা দণ্ডাধীশ Toko Babu-এ ২৩ ছেপ্টেম্বৰত বন্ধক অবৈধ ঘোষণা কৰি ANSU আৰু সংশ্লিষ্ট পক্ষক বন্ধ কাৰ্যকৰী, সমৰ্থন বা অংশগ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিছিল। BNSS, 2023-ৰ ধাৰা ১৬৩ৰ অধীনত জাৰি কৰা হৈছিল এই নিৰ্দেশ।
ইয়াৰ পূৰ্বে ২২ ছেপ্টেম্বৰত শিক্ষা মন্ত্ৰী Pasang Dorjee Sona-ই ANSUৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈ বন্ধৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিল। শিক্ষা বিভাগে দাবীসমূহৰ ওপৰত গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতিবেদনো সংগঠনটোক দিয়া হৈছিল।
চৰকাৰে শিক্ষা আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাসমূহ পৰ্যায়ক্ৰমে পৰীক্ষা কৰি পুঁজি আৰু বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে।
ইফালে, বন্ধৰ সময়ত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইটানগৰ আৰু নাহৰলাগুন আৰক্ষীক আইন-শৃংখলা বজাই ৰখাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।
