অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ। বঙাইগাঁও চহৰত এগৰাকী মহিলাক প্ৰায় এবছৰ ধৰি ঘৰত আবদ্ধ কৰি ৰাখি মানসিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি, বঙাইগাঁও চহৰৰ নিবাসী অংশুমান কলিতাৰ বিৰুদ্ধে তেওঁৰ পত্নীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা চয়নিকা দাস নামৰ মহিলাগৰাকীক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখাৰ লগতে দীৰ্ঘদিন ধৰি মানসিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে। লগতে স্বামীৰ অবৈধ সম্পৰ্ক থকা বুলিও অভিযোগ মহিলাগৰাকীৰ।
মহিলাগৰাকীৰ অভিযোগ অনুসৰি, স্বামী অংশুমান কলিতা আৰু তেওঁৰ ভায়েকে মিলি তেওঁক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল। দীৰ্ঘদিন ধৰি মহিলাগৰাকীক বাহিৰলৈ ওলাই আহিবলৈ দিয়া হোৱা নাছিল বুলিও অভিযোগ কৰা হৈছে।
ইফালে, মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পাছতে বিষয়টো গুৰুত্ব সহকাৰে লয়। ইয়াৰ পাছতে ৰাজ্যিক মহিলা আয়োগৰ সদস্যা হিমানী অধিকাৰীৰ নেতৃত্বত আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত অভিযান চলোৱা হয়।
অভিযানৰ সময়ত ঘৰৰ গেটত তলা লগাই থোৱা অৱস্থাত থকা বুলি অভিযোগ উঠা মহিলাগৰাকীক উদ্ধাৰ কৰা হয়। গেটৰ তলা ভাঙি আৰক্ষী আৰু প্ৰশাসনৰ উপস্থিতিত মহিলাগৰাকীক ঘৰৰ পৰা উলিয়াই আনে।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি স্বামীৰ ঘৰত আবদ্ধ হৈ থকা মহিলাগৰাকীৰ সৈতে পৰিয়ালৰ লোকসকলৰ যোগাযোগো সীমিত হৈ পৰিছিল। ঘটনাটোক লৈ ইতিমধ্যে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
অৱশ্যে, উত্থাপিত অভিযোগসমূহৰ সত্যতা আৰু ঘটনাৰ সম্পূৰ্ণ কাৰণ তদন্তৰ পাছতহে স্পষ্ট হ’ব। আৰক্ষী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
