তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ আক্ৰমণৰ লগতে ভাৰতক ছেমিকণ্ডাক্টৰ মূল্য শৃংখলত অধিক ওপৰলৈ উঠিবলৈ বাধা দিব বিচৰা দেশসমূহৰ যিকোনো ধৰণৰ বিঘিনিৰ বাবে সাজু থাকিবলৈ সতৰ্ক কৰি দিছে।
নতুন দিল্লীত এটা সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত শ্ৰী বৈষ্ণৱে কয় যে ভাৰত এতিয়া চিপ ডিজাইন আৰু নিৰ্মাণ কৰিব পৰা দেশ হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে সম্ভাৱ্য ভূ-ৰাজনৈতিক বিপদসমূহৰ প্ৰতি দেশখনে নিৰন্তৰ সতৰ্ক হৈ থাকিব লাগিব। ছেমিকণ্ডাক্টৰ উদ্যোগ চাইবাৰ আক্ৰমণৰ বাবে সাজু থাকিব লাগিব বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।
তেওঁ কয় যে ভাৰতৰ এই অগ্ৰগতিয়ে ইতিমধ্যে ছেমিকণ্ডাক্টৰ খণ্ডত প্ৰতিষ্ঠিত বহু শক্তিৰ বাবে এক প্ৰত্যাহ্বান হিচাপে দেখা দিব পাৰে। লগতে কয় যে ছেমিকণ্ডাক্টৰ উদ্যোগটো আগবঢ়াই নিবলৈ প্ৰতিটো ক্ষেত্ৰতে যথেষ্ট প্ৰচেষ্টাৰ প্ৰয়োজন। এই ক্ষেত্ৰত উদ্যোগ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সমন্বয়ৰে একেলগে কাম কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে।
