অসমৰ সাঁচি উদ্যোগৰ বিপুল সম্ভাৱনা, প্ৰতিষ্ঠানিক ঋণ, মূল্য সংযোজন আৰু ৰপ্তানি আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব বিত্ত মন্ত্ৰী বৰুৱাৰ
নতুন দিল্লীত অনুষ্ঠিত ‘বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান’ (Financing India’s Journey towards Viksit Bharat) শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনৰ দ্বিতীয় দিনা ‘কৃষি খণ্ডৰ ৰূপান্তৰৰ বাবে বিত্তীয় সাহায্য’ (Financing Agriculture Sector Transformation) শীৰ্ষক অধিৱেশনত অংশগ্ৰহণ কৰি অসমৰ বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৃষিখণ্ডৰ বিত্তীয় সহায়ৰ ক্ষেত্ৰত অঞ্চলভিত্তিক দৃষ্টিভংগী গ্ৰহণ, প্ৰাতিষ্ঠানিক ঋণৰ পৰিসৰ বৃদ্ধি আৰু উৎপাদনৰ পৰা ৰপ্তানিলৈকে এক সুদৃঢ় মূল্য শৃংখল (Value Chain) গঢ়ি তোলাৰ পোষকতা কৰে।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত অধিৱেশনখনত মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষি খণ্ডৰ বিশেষ সম্ভাৱনা আৰু ভৌগোলিক বৈশিষ্ট্যৰ সৈতে সংগতি ৰাখি বিত্তীয় নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।
ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ মুঠ কৰ্মশক্তিৰ প্ৰায় ৪০-৪৬ শতাংশ লোক কৃষি আৰু আনুষংগিক খণ্ডৰ সৈতে জড়িত হোৱাৰ বিপৰীতে দেশৰ মুঠ ঘৰুৱা উৎপাদন (GDP)-লৈ এই খণ্ডৰ অৱদান প্ৰায় ১৮ শতাংশহে। এই পৰিপ্ৰেক্ষিতত উৎপাদনশীলতা বৃদ্ধি, মূল্য সংযোজন, বজাৰ সংযোগ আৰু কৃষকৰ আয় বৃদ্ধি দিশটো অত্যন্ত গুৰুত্বপূৰ্ণ।
দেশৰ বিভিন্ন ৰাজ্যৰ ভৌগোলিক বৈচিত্ৰ্য, উৎপাদন পদ্ধতি আৰু কৃষকৰ বিত্তীয় প্ৰয়োজনীয়তা সুকীয়া বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় –
“এটা সাৰ্বজনীন বা উমৈহতীয়া বিত্তীয় আন্তঃগাঁথনিয়ে সকলো ৰাজ্যৰ সুকীয়া সমস্যা আৰু প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে। সেয়েহে, নীতি প্ৰস্তুত কৰোঁতে অঞ্চলভেদে প্ৰয়োজনীয়তাসমূহ বিবেচনা কৰি সহায়ৰ ব্যৱস্থা প্ৰস্তুত কৰাটো অধিক ফলপ্ৰসূ হ’ব।”
কেৱল উৎপাদন বৃদ্ধিতে সীমাবদ্ধ নাথাকি প্ৰাথমিক প্ৰক্ৰিয়াকৰণ, সংৰক্ষণ, বিপণন আৰু ৰপ্তানিলৈকে সমগ্ৰ মূল্য শৃংখল শক্তিশালী কৰাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে। এনে ব্যৱস্থাই কৃষকক উৎপাদিত ফচলৰ অধিক নিশ্চিত আৰু লাভজনক মূল্য লাভৰ সুযোগ প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰে।
উত্তৰ-পূৰ্বাঞ্চলত প্ৰাতিষ্ঠানিক কৃষি ঋণৰ ক্ষেত্ৰত থকা আঞ্চলিক বৈষম্যৰ বিষয়টো উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভূমিৰ স্বত্বজনিত নথিৰ জটিলতাৰ বাবে আধিয়াৰ কৃষক, চৰকাৰী ভূমিত খেতি কৰা কৃষক, বন অধিকাৰ আইনৰ হিতাধিকাৰী আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলে বহু সময়ত প্ৰতিষ্ঠানিক ঋণ লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত আৰম্ভ কৰা ‘ফাৰ্মাৰ আই ডি’ (Farmer ID) ব্যৱস্থাই এনে কৃষকসকলক লক্ষ্যভিত্তিক প্ৰাতিষ্ঠানিক ঋণ আৰু অন্যান্য সহায়ৰ আওতালৈ অনাৰ পথ প্ৰশস্ত কৰিছে বুলি তেওঁ সদৰী কৰে।
স্থানীয় প্ৰক্ৰিয়াকৰণৰ জৰিয়তে কৃষকৰ উপাৰ্জন বৃদ্ধিৰ ওপৰত গুৰুত্ব
কৃষি উৎপাদনস্থলীৰ সমীপতে বিকেন্দ্ৰীকৃত প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজনৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ ওপৰত জোৰ দি বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে শীতলীকৰণ ভঁৰাল, গুদাম আৰু পৰিবহণ ব্যৱস্থাৰ লগতে সহজে নষ্ট হোৱা কৃষিজাত সামগ্ৰীৰ বাবে স্থানীয় প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ স্থাপন কৰাটো অতি জৰুৰী।
শস্য চপোৱাৰ দুইৰ পৰা পাঁচ দিনৰ ভিতৰতে নষ্ট হ’ব পৰা পচনশীল কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত এনে ব্যৱস্থাই শস্যৰ অপচয় হ্ৰাস কৰাৰ লগতে কৃষক আৰু গ্ৰাম্য সমাজক উৎপাদিত সামগ্ৰীৰ পৰা অধিক মূল্য লাভ কৰাত সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে।
সাঁচি গছৰ উদ্যোগ খণ্ডৰ সম্ভাৱনাক লৈ বিশেষ গুৰুত্ব
অসমৰ সাঁচি (আগৰ) খণ্ডৰ বিশাল অৰ্থনৈতিক সম্ভাৱনাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰ বিকাশৰ বাবে নিয়ম-নীতি সৰলীকৰণ, মান পৰীক্ষাগাৰ (Quality testing facilities), স্থানীয় প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ আৰু শক্তিশালী ৰপ্তানি সংযোগ গঢ়ি তোলাৰ আহ্বান জনায়।
ভাষণত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় – “অসমৰ সাঁচি গছৰ উদ্যোগ খণ্ডৰ অৰ্থনৈতিক সম্ভাৱনা অপাৰ। সুচল ৰপ্তানি পথ, নিয়ম-নীতিৰ সৰলীকৰণ, মান পৰীক্ষাৰ সুবিধা আৰু স্থানীয় প্ৰক্ৰিয়াকৰণ আন্তঃগাঁথনিয়ে কৃষকসকলক এই বহুমূলীয়া শস্যৰ পৰা অধিক অৰ্থনৈতিক লাভ আদায় কৰাত সহায় কৰিব।”
অসমৰ পাহাৰীয়া অঞ্চলত উৎপাদিত উৎকৃষ্ট মানৰ আদা আৰু হালধিৰ ৰপ্তানি সম্ভাৱনাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি ইয়াৰ বাবে সুকীয়া ৰপ্তানি সংযোগ আৰু ৰাজ্যখনত পোনপটীয়া আন্তঃৰাষ্ট্ৰীয় এয়াৰ কাৰ্গো (Air Cargo) সুবিধা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰে। একেদৰে কাজী নেমু, ভূত জলকীয়া আৰু থলুৱা বিশেষ ধানৰ প্ৰজাতিসমূহৰ বাবেও শক্তিশালী বজাৰ সংযোগ গঢ়ি তোলাৰ পোষকতা কৰে।
বানপানী, খৰাং আৰু কীট-পতংগৰ আক্ৰমণৰ প্ৰতি অসম তথা উত্তৰ-পূৰ্বাঞ্চল অতি সংবেদনশীল বুলি উল্লেখ কৰি জৰুৰীকালীন সময়ত কৃষকক তৎকালীন সকাহ প্ৰদানৰ বাবে এক তৎপৰ আৰু বাস্তৱসন্মত ব্যৱস্থা গঢ়ি তোলাৰ আহ্বান জনায় বিত্ত মন্ত্ৰীগৰাকীয়ে।
শেষত মন্ত্ৰী বৰুৱাই কয় যে কৃষিৰ ৰূপান্তৰ কেৱল উৎপাদন বৃদ্ধিতে সীমাবদ্ধ নাৰাখি মূল্য সংযোজন, প্ৰক্ৰিয়াকৰণ, বজাৰ সংযোগ আৰু ৰপ্তানিৰ দিশলৈ সম্প্ৰসাৰিত কৰিব লাগিব। এনে সামগ্ৰিক ব্যৱস্থাৰ জৰিয়তে কৃষকসকল গ্ৰাম্য অৰ্থনীতিৰ অধিক সক্ৰিয় অংশীদাৰ হৈ উঠিব পাৰিব আৰু ২০৪৭ বৰ্ষৰ ‘বিকশিত ভাৰত’ৰ লক্ষ্য পূৰণৰ যাত্ৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সক্ষম হ’ব।
