ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৬সংখ্যক জন্মদিন উপলক্ষে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিয়ে জনালে আন্তৰিক শুভেচ্ছা। বৃহস্পতিবাৰে সামাজিক মাধ্যম Xৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে মেল’নিয়ে।
নিজৰ বাৰ্তাত মেল’নিয়ে লিখে, “মোৰ বন্ধু নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। আপোনাৰ সুস্বাস্থ্য, শক্তি আৰু সফলতা কামনা কৰিছোঁ।”
ভাৰত-ইটালীৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক লৈও বিশেষ বাৰ্তা
জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে ভাৰত আৰু ইটালীৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথাও উল্লেখ কৰে ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
মেল’নিয়ে কয় যে ভাৰত আৰু ইটালীয়ে নিজৰ গভীৰ বন্ধুত্বৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিছে। দুয়োখন দেশে একেলগে সহযোগিতা আৰু সমৃদ্ধিৰ ভৱিষ্যৎ গঢ়ি তোলাৰ দিশত আগবাঢ়িছে বুলিও তেওঁ উল্লেখ কৰে।
প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে মেল’নিৰ এই শুভেচ্ছা বাৰ্তাই ভাৰত আৰু ইটালীৰ মাজত অব্যাহত থকা কূটনৈতিক বন্ধুত্ব আৰু সহযোগিতাৰ সম্পৰ্কক পুনৰ চৰ্চালৈ আনিছে।
