১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব জন্ম-মৃত্যু পঞ্জীয়ন সংশোধনী আইন

বিলম্বিত ভাৱে বা পলম কৈ জন্ম আৰু মৃত্যু পঞ্জীয়নৰ ক্ষেত্ৰত নিয়ম অধিক কঠোৰ কৰা নতুন আইনখন অহা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ভাৰতৰ মহাপঞ্জীয়ক (Registrar General of India) মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে বুধবাৰে এই কথা জানিবলৈ দিয়ে।

২০২৬ চনৰ জন্ম আৰু মৃত্যু পঞ্জীয়ন (সংশোধনী) বিধেয়ক সংসদৰ দুয়োখন সদনতে গৃহীত হোৱাৰ পাছত যোৱা মাহত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে। ৰাষ্ট্ৰপতিৰ সন্মতিৰ পাছতেই বিধেয়কখন আইনত পৰিণত হয়।

গেজেট জাননীত মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে ২০২৬ চনৰ ১ অক্টোবৰ তাৰিখটো সংশোধনী আইনখনৰ বিধানসমূহ কাৰ্যকৰী হোৱাৰ তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছে।

নতুন আইন অনুসৰি, জন্ম বা মৃত্যুৰ দুবছৰত কৈ অধিক সময়ৰ পাছত পঞ্জীয়নৰ বাবে আবেদন কৰিলে এই ক্ষেত্ৰত ন্যায়িক দণ্ডাধীশৰ হস্তক্ষেপ বাধ্যতামূলক হ’ব।

আইনখনৰ অধীনত এবছৰৰ পাছত কিন্তু দুবছৰৰ ভিতৰত জন্ম বা মৃত্যু পঞ্জীয়নৰ বাবে আবেদন কৰিলে জিলা দণ্ডাধীশ (DM), উপ-জিলা দণ্ডাধীশ (SDM) অথবা অনুমোদিত কাৰ্যবাহী দণ্ডাধীশৰ আদেশৰ প্ৰয়োজন হ’ব।

পঞ্জীয়ন সম্পন্ন কৰাৰ পূৰ্বে সংশ্লিষ্ট বিষয়াই ঘটনাটোৰ তথ্যৰ সত্যতা পৰীক্ষা কৰিব লাগিব। নিৰ্ধাৰিত মাচুল পৰিশোধ কৰাৰ পাছতহে পঞ্জীয়ন প্ৰক্ৰিয়া আগবাঢ়িব পাৰিব।

আনহাতে, দুবছৰৰ পাছত দাখিল কৰা আবেদনসমূহৰ ক্ষেত্ৰত অধিক কঠোৰ ন্যায়িক পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। এনে পঞ্জীয়নৰ বাবে প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ (Judicial Magistrate First Class) আদেশ বাধ্যতামূলক কৰা হৈছে।

উল্লেখ্য যে, জন্ম আৰু মৃত্যু পঞ্জীয়ন নিয়ন্ত্ৰণ কৰা আৰু ইয়াৰ সৈতে জড়িত বিষয়সমূহৰ ব্যৱস্থা কৰাৰ উদ্দেশ্যে ১৯৬৯ চনৰ জন্ম আৰু মৃত্যু পঞ্জীয়ন আইন প্ৰণয়ন কৰা হৈছিল।

এই আইনৰ অধীনত জন্ম আৰু মৃত্যু পঞ্জীয়ন কৰাটো বাধ্যতামূলক। আইন অনুসৰি জাৰি কৰা জন্ম বা মৃত্যু প্ৰমাণপত্ৰই ব্যক্তিৰ আইনী পৰিচয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কোনো ব্যক্তিৰ জন্ম বা মৃত্যু প্ৰমাণ কৰাৰ বাবে এই প্ৰমাণপত্ৰ আদালতত প্ৰমাণ হিচাপে গ্ৰহণযোগ্য।

২০২৩ চনতো জন্ম আৰু মৃত্যু পঞ্জীয়ন আইনখন সংশোধন কৰা হৈছিল আৰু সেই সংশোধিত বিধানসমূহ সেই বছৰৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছিল।

চৰকাৰৰ মতে, নতুন সংশোধনীৰ মূল উদ্দেশ্য হৈছে জন্ম আৰু মৃত্যুৰ দৰে গুৰুত্বপূৰ্ণ ঘটনা সময়মতে পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰা আৰু বিলম্বিত পঞ্জীয়নৰ ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা নিশ্চিত কৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছেমিকণ্ডাক্টৰ খণ্ডত ভাৰতৰ নতুন দিগন্ত; নতুন দিল্লীত SEMICON India 2026 সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মদিনৰ দিনাই নতুন দিল্লীৰ যশোভূমিত উদ্বোধন...

ৰাষ্ট্ৰপতিৰ ADC হিচাপে নিযুক্ত প্ৰথমগৰাকী মহিলা সেনা বিষয়া মেজৰ নব্যা শেখাৱাট

ভাৰতীয় সেনাৰ মেজৰ নব্যা শেখাৱাটে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি...

ভাৰতত পুনৰ প্ৰৱৰ্তনৰ চাৰি বছৰত চিতা বাঘৰ সংখ্যা ৫২টালৈ বৃদ্ধি

ভাৰতত চিতা বাঘ পুনৰ প্ৰৱৰ্তন কাৰ্যসূচীৰ চাৰি বছৰ সম্পূৰ্ণ...