প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰীয়া ৰাজহুৱা জীৱন আৰু জনসেৱাৰ পৰিক্ৰমা উপলক্ষে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)-য়ে আজিৰ পৰা আৰম্ভ কৰিছে এমাহজোৰা বিশেষ কাৰ্যসূচী ‘সেৱা সংকল্প অভিযান’।
১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন। আনহাতে, অহা ৭ অক্টোবৰত তেওঁৰ ৰাজহুৱা জীৱন আৰু জনসেৱাৰ ২৫ বছৰ সম্পূৰ্ণ হ’ব। এই উপলক্ষে ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ দেশজুৰি ‘সেৱা সংকল্প অভিযান’ অনুষ্ঠিত কৰিব বিজেপিয়ে।
ইয়াৰ পূৰ্বে ৯ ছেপ্টেম্বৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবিনে দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই বিশেষ অভিযানৰ কথা ঘোষণা কৰিছিল। তেওঁ কয় যে ২০০১ চনৰ ৭ অক্টোবৰত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীৰ জনসেৱাৰ যাত্ৰা আৰম্ভ হৈছিল। বিগত ২৫ বছৰত তেওঁ জনসেৱাৰ পৰা ৰাষ্ট্ৰসেৱাৰ দিশত নিৰন্তৰভাৱে কাম কৰি আহিছে বুলি নাবিনে উল্লেখ কৰে।
বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন ‘সেৱা দিৱস’ হিচাপে পালন কৰে। সেই পৰম্পৰা অনুসৰি এইবাৰো এমাহজোৰা ‘সেৱা সংকল্প অভিযান’ৰ আয়োজন কৰা হৈছে।
নীতিন নাবিনে কয়, “সমাজৰ অধিকসংখ্যক লোকৰ মাজলৈ জনসেৱাৰ বাৰ্তা লৈ যোৱাটো বিজেপিৰ দায়িত্ব। এই অভিযানৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীৰ ২৫ বছৰীয়া ৰাজহুৱা জীৱনৰ সেৱা, উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ সৈতে জড়িত কামসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱা হ’ব।”
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ২৫ বছৰীয়া সেৱাৰ যাত্ৰাক কেৱল ৰাজনৈতিক সফলতাৰ ধাৰাবাহিকতা হিচাপে নহয়, বৰং জনসাধাৰণ আৰু দেশৰ সেৱাৰ প্ৰতি তেওঁৰ নিৰন্তৰ প্ৰতিশ্ৰুতি হিচাপে চোৱা উচিত। তেওঁ দলীয় কৰ্মী আৰু সাধাৰণ জনতাক এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
এই উপলক্ষে নীতিন নবিনে মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ পৰা ‘সেৱা সংকল্প অভিযান’ৰ শুভাৰম্ভ কৰিব। অনুষ্ঠানত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ আৰু ৰাজ্যিক বিজেপিৰ সভাপতি হেমন্ত খান্ডেলৱাল উপস্থিত থাকিব।
বিজেপিৰ এই দেশজোৰা অভিযানৰ অধীনত এমাহ ধৰি বিভিন্ন জনসংযোগমূলক আৰু সেৱামূলক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।
