উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ এখন যুদ্ধজাহাজৰ সৈতে পাকিস্তান নৌসেনাৰ এখন অফশ্ব’ৰ পেট্ৰ’ল জাহাজৰ সংঘৰ্ষক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত নতুনকৈ কূটনৈতিক উত্তেজনা সৃষ্টি হৈছে। মঙলবাৰে সন্ধিয়া আন্তঃৰাষ্ট্ৰীয় জলসীমাত পাকিস্তান নৌসেনাৰ PNS Hunain নামৰ জাহাজখনে ভাৰতীয় নৌসেনাৰ এখন যুদ্ধজাহাজত খুন্দা মাৰে। সংঘৰ্ষৰ ফলত ভাৰতীয় যুদ্ধজাহাজখনৰ কোনো ক্ষতি হোৱা নাই আৰু জাহাজখন নিজৰ অভিযান অব্যাহত ৰাখিছে। পাকিস্তানী জাহাজখনৰ ক্ষয়ক্ষতিৰ পৰিমাণ অৱশ্যে তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাই।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, ভাৰতীয় যুদ্ধজাহাজখন নিয়মীয়া সামুদ্ৰিক নিৰীক্ষণ অভিযানত আছিল। সূত্ৰই দাবী কৰা মতে, PNS Hunain-এ অধিক গতিবেগেৰে ভাৰতীয় জাহাজখনৰ দিশে আগবাঢ়ি আহি কেইবাটাও অসুৰক্ষিত কৌশলগত গতিবিধি গ্ৰহণ কৰাৰ ফলতে সংঘৰ্ষটো সংঘটিত হয়।
ঘটনাটোৰ পিছত বুধবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নতুন দিল্লীস্থিত পাকিস্তান উচ্চ আয়োগৰ Charge d’Affaires ছাদ ৱাৰাইচক তলব কৰে। মন্ত্ৰালয়ে পাকিস্তানী নৌসেনাৰ জাহাজখনৰ আচৰণক “অগ্ৰহণযোগ্য আৰু অপেছাদাৰী” বুলি উল্লেখ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
Minister of External Affairs (MEA)ৰ মতে, এই ঘটনাই ১৯৯১ চনৰ এপ্ৰিলত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত সামৰিক অনুশীলন, কৌশলগত মহড়া আৰু সেনা চলাচলৰ আগতীয়া জাননী সম্পৰ্কীয় চুক্তিৰ ১০ নম্বৰ অনুচ্ছেদ উলংঘা কৰিছে।
ইফালে, সংঘৰ্ষৰ পৰিস্থিতি আৰু কাৰণ সম্পৰ্কে তদন্ত অব্যাহত আছে। বিশেষকৈ পাকিস্তানী জাহাজখন কেনেদৰে ভাৰতীয় যুদ্ধ জাহাজখনৰ ওচৰলৈ আহিছিল আৰু সংঘৰ্ষৰ ঠিক আগমুহূৰ্তত কি ধৰণৰ কৌশলগত গতিবিধি কৰিছিল, সেই বিষয়সমূহ পৰীক্ষা কৰা হৈছে।
এই ঘটনাই ২০১১ চনৰ জুন মাহৰ এক অনুৰূপ নৌ-সংঘৰ্ষৰ কথাও পুনৰ চৰ্চালৈ আনিছে। সেই সময়ত আৰব সাগৰত জলদস্যু-বিৰোধী অভিযানত নিয়োজিত ভাৰতীয় যুদ্ধজাহাজ INS Godavari আৰু পাকিস্তানৰ PNS Baburৰ মাজত সংঘৰ্ষ হৈছিল। সেই ঘটনাৰ ক্ষেত্ৰত দুয়োখন দেশেই পৰস্পৰক সংঘৰ্ষৰ বাবে দোষাৰোপ কৰিছিল।
