CJP প্ৰতিবাদ: হিংসাত্মক ঘটনাৰ তদন্ত কমিটী পুনৰ্গঠনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ জন্তৰ-মন্তৰত জুলাই মাহত অনুষ্ঠিত CJP-ৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা পাঁচজনীয়া উচ্চ ক্ষমতাসম্পন্ন তদন্ত কমিটী (HPEC) পুনৰ্গঠন কৰিবলৈ দিয়া আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে।

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচী তথা ভি. মোহানাৰ বিচাৰপীঠে কয় যে কমিটীখনৰ বিৰুদ্ধে উত্থাপিত আপত্তি অকালপক্ব। আদালতে কয় যে তদন্ত মাত্ৰ আৰম্ভ হৈছে আৰু এই পৰ্যায়তে কমিটীৰ বিৰুদ্ধে সন্দেহ প্ৰকাশ কৰাটো কেৱল অনুমানৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

আদালতে স্পষ্ট কৰে যে HPEC-ৰ উদ্দেশ্য হৈছে সৰ্বোচ্চ ন্যায়সংগততা, স্বচ্ছতা আৰু নিৰপেক্ষতাৰ সৈতে আদালতক সহায় কৰা। কমিটীখন কোনো এটা পক্ষৰ হৈ কাম কৰাৰ বাবে গঠন কৰা হোৱা নাই।

১৮ আগষ্টত উচ্চতম ন্যায়ালয়ে পাঁচজনীয়া HPEC গঠন কৰিছিল। প্ৰাক্তন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ. সুভাষ ৰেড্ডীৰ অধ্যক্ষতাত গঠিত কমিটীখনে জন্তৰ-মন্তৰ আৰু অন্যান্য স্থানত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অত্যধিক বল প্ৰয়োগ আৰু নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে সংঘটিত হিংসাৰ অভিযোগ তদন্ত কৰিব। কমিটীখনে পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ক প্ৰতিবেদন দাখিল কৰিব আৰু আদালতৰ তত্বাৱধানত কাম কৰিব।

প্ৰথম পৰ্যায়ত পেলেট গানৰ ব্যৱহাৰ, মহিলা প্ৰতিবাদকাৰীৰ ওপৰত লক্ষ্যভিত্তিক হিংসা আৰু হাৰাশাস্তি, অত্যধিক হিংসা তথা দুয়োপক্ষৰ সম্পত্তি ধ্বংসৰ অভিযোগ পৰীক্ষা কৰিব কমিটীয়ে। বৃহত্তৰ সাংবিধানিক বিষয়সমূহ উপযুক্ত সময়ত আদালতে নিজেই নিৰ্ণয় কৰিব। সাক্ষীসকলৰ পৰিচয় সম্পূৰ্ণ গোপন ৰখাৰ লগতে তেওঁলোকৰ বক্তব্য আৰু প্ৰমাণৰ ক্ষেত্ৰত সৰ্বোচ্চ গোপনীয়তা বজাই ৰাখিব লাগিব। দুৰ্বল সাক্ষীসকলে নথি-পত্ৰ আৰু প্ৰমাণ গোপনীয়ভাৱে দাখিল কৰিব পৰাকৈ পৃথক অনলাইন প’ৰ্টেল গঠনৰ কথাও বিবেচনা কৰিব পাৰিব। ন’ডেল অধিবক্তাই কেৱল আদালতক সহায় কৰিব; HPEC, আদালত আৰু পক্ষসমূহৰ মাজত যোগাযোগৰ মাধ্যম হিচাপে কাম নকৰিব। জ্যেষ্ঠ অধিবক্তা ড০ মনিকা গুছেইন আৰু অধিবক্তা-অন-ৰেকৰ্ড চি. ছল’মনক ‘এমিকাছ কিউৰি’ হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁলোকে পক্ষসমূহৰ মাজত নিৰপেক্ষ মধ্যস্থতাকাৰী হিচাপে কাম কৰিব। HPEC-এ শীঘ্ৰে এজন সদস্য-সচিব নিযুক্ত কৰি প্ৰথমখন প্ৰতিবেদন দাখিল কৰিব লাগিব।

আদালতে এগৰাকী ১৪ বছৰীয়া প্ৰতিবাদকাৰী আৰু তেওঁৰ পৰিয়াললৈ অহা ভাবুকিৰ বিষয়টোও গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। আদালতত জনোৱা হয় যে কিশোৰীগৰাকী আৰু তেওঁৰ পৰিয়ালক জীৱন নাশৰ ভাবুকি দিয়াৰ কেইবাটাও ঘটনা সংঘটিত হৈছে, যাৰ ফলত তেওঁলোকৰ সুৰক্ষাক লৈ গভীৰ আৰু অব্যাহত আশংকাৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি, ভাবুকি প্ৰদান কৰা লোকসকলৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে কিশোৰীগৰাকী আৰু তেওঁৰ পৰিয়ালক প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ দিয়ে।

লগতে কিশোৰীগৰাকী আৰু তেওঁৰ পৰিয়ালক ভাবুকি বা হাৰাশাস্তি কৰাৰ অভিযোগৰ ক্ষিপ্ৰ তদন্ত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। অহা ৯ অক্টোবৰৰ পৰৱৰ্তী শুনানিৰ পূৰ্বে এই বিষয়ত স্থিতি প্ৰতিবেদন দাখিল কৰিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ দিছে আদালতে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতত নিষিদ্ধ ঘোষণা ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’

দেশত নিষিদ্ধ ঘোষণা কৰা হ’ল পাকিস্তানস্থিত ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’...

অসমৰ অনুসূচিত জনজাতীয় শিক্ষাৰ্থীলৈ অসম চৰকাৰৰ ৰাষ্ট্ৰীয় পোষ্ট-মেট্ৰিক জলপানি

অসমৰ অনুসূচিত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ পথ অধিক সুচল...

UAEত হাজাৰ হাজাৰ বাংলাদেশীৰ ৰেচিডেন্সি-ৱৰ্ক ভিছা বাতিল; ঢাকাই বিচাৰিলে ভিছা বাতিলৰ কাৰণ

UAEত প্ৰায় ৫,০০০ বাংলাদেশী নাগৰিকৰ ৰেচিডেন্সি আৰু ৱৰ্ক ভিছা...