ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’; উত্তৰাখণ্ডৰ আউলিত আৰম্ভ ২২ সংখ্যক সংস্কৰণৰ অনুশীলন

উত্তৰাখণ্ডৰ চামোলী জিলাৰ আউলিত আৰম্ভ হৈছে ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস’ৰ ২২সংখ্যক সংস্কৰণ। আউলি ফৰেইন ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত হয় অনুশীলনৰ উদ্বোধনী অনুষ্ঠান।

অনুষ্ঠানত ভাৰতীয় সেনাৰ ১৪ Infantry Divisionৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল অমৰেশ গুঞ্জন আৰু আমেৰিকান সেনাৰ ১১ এয়াৰবৰ্ণ ডিভিজনৰ ১ম Infantry ব্ৰিগেড কম্বেট টীমৰ কমাণ্ডাৰ কৰ্ণেল বেঞ্জামিন জেকমেনে অংশগ্ৰহণকাৰী সেনা জোৱানসকলক সম্বোধন কৰে। দুয়োপক্ষৰ পৰা ৬০০জনকৈ সেনা জোৱানে অনুশীলনত অংশগ্ৰহণ কৰিছে।। আউলিৰ লগতে ৰাজস্থানৰ মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জতো চলিব অনুশীলন।

পাহাৰীয়া আৰু অৰ্ধ-পাহাৰীয়া অঞ্চলত যুটীয়া সামৰিক অভিযান চলোৱাৰ সক্ষমতা বৃদ্ধি কৰাই এই অনুশীলনৰ মূল লক্ষ্য। বিশেষকৈ পদাতিক বাহিনীকেন্দ্ৰিক অভিযানৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

অনুশীলনত দুয়োখন দেশৰ সেনাই অভিযান পৰিচালনাৰ পদ্ধতিৰ আদান-প্ৰদান কৰাৰ লগতে ড্ৰোন আৰু স্বয়ংক্ৰিয় ব্যৱস্থাৰে নিৰীক্ষণ আৰু অনুসন্ধানৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব।

মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জত আধুনিক অস্ত্ৰ-ব্যৱস্থাৰ প্ৰদৰ্শনৰ লগতে উদীয়মান প্ৰযুক্তি আৰু বহু-মাত্ৰিক যুদ্ধ সন্দৰ্ভতো দুয়োখন দেশৰ বিশেষজ্ঞই মত বিনিময় কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

CJP প্ৰতিবাদ: হিংসাত্মক ঘটনাৰ তদন্ত কমিটী পুনৰ্গঠনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ জন্তৰ-মন্তৰত জুলাই মাহত অনুষ্ঠিত CJP-ৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত...

অসমৰ অনুসূচিত জনজাতীয় শিক্ষাৰ্থীলৈ অসম চৰকাৰৰ ৰাষ্ট্ৰীয় পোষ্ট-মেট্ৰিক জলপানি

অসমৰ অনুসূচিত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ পথ অধিক সুচল...

UAEত হাজাৰ হাজাৰ বাংলাদেশীৰ ৰেচিডেন্সি-ৱৰ্ক ভিছা বাতিল; ঢাকাই বিচাৰিলে ভিছা বাতিলৰ কাৰণ

UAEত প্ৰায় ৫,০০০ বাংলাদেশী নাগৰিকৰ ৰেচিডেন্সি আৰু ৱৰ্ক ভিছা...