ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে ৰাজ্যৰ কেইবাখনো মফচলীয় মহাবিদ্যালয়

গুৱাহাটী, ২৭ জুন, NKTV: ঐতিহ্যমণ্ডিত কটন কলেজ নহয়, ৰাজ্যৰ দ্বিতীয় প্ৰাচীন জগন্নাথ বৰুৱা কলেজো নহয়, ইণ্ডিয়া টুডে আলোচনীৰ দেশৰ শ্ৰেষ্ঠ কলেজৰ সমীক্ষাত স্থান লাভ কৰিছে অসমৰ অনামী মহাবিদ্যালয় কেইখনমানে। ২০২১ চনৰ দেশৰ শ্ৰেষ্ঠ কলেজৰ ইণ্ডিয়া টুডেৰ সমীক্ষাৰ জৰিয়তে প্ৰদান কৰা এই ৰেংকিঙত তিনিওটা শাখাতে স্থান অৰ্জন কৰি সাফল্য অৰ্জন কৰিছে জাগীৰোড কলেজে। যোৱা ২৬ জুনত ঘোষণা কৰা এই সমীক্ষাত জাগীৰোড মহাবিদ্যালয়ে কলা শাখাত ১২৭ সংখ্যক, বিজ্ঞান শাখাত ১৩২ সংখ্যক আৰু বাণিজ্য শাখাত ১৩৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তাৎপৰ্যপূৰ্ণভাৱে জাগীৰোড মহাবিদ্যালয়ে বাণিজ্য শাখাৰ স্থান লভা কৰা অসমৰ একমাত্ৰ মহাবিদ্যালয়। বাণিজ্য শাখাত ৰাজ্যৰ শীৰ্ষ মহাবিদ্যালয় হিচাপে সততে চৰ্চা হোৱা গুৱাহাটী কৰ্মাচ কলেজে এই তালিকাত স্থান লাভ নকৰাটো লক্ষ্যণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...