BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব ছি জিনপিং অহা ১২ আৰু ১৩ ছেপ্টেম্বৰত ভাৰত ভ্ৰমণ কৰিব। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ১৮সংখ্যক BRICS সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতিগৰাকী। চীনৰ বৈদেশিক মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই কথা নিশ্চিত কৰে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত শ্বী জিনপিঙ নতুন দিল্লীত অনুষ্ঠিত BRICS সন্মিলনত অংশগ্ৰহণ কৰিব।

শ্বী জিনপিঙৰ ভাৰত ভ্ৰমণক লৈ বিগত কেইবাদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটাই চীনে এই ঘোষণা কৰে। ইয়াৰ পূৰ্বে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুও জিয়াকুনে ছিৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত কোনো নিশ্চিত তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছিল।

২০২০ চনৰ গালৱান উপত্যকাৰ সংঘাতৰ পাছত ভাৰত-চীনৰ সম্পৰ্কত সৃষ্টি হোৱা শীতলতাৰ মাজত শ্বী জিনপিঙৰ এই ভ্ৰমণ বিশেষ গুৰুত্বপূৰ্ণ। গালৱান সংঘাতত ২০গৰাকী ভাৰতীয় সেনা জোৱান নিহত হৈছিল। সংঘাতত চীনৰো সেনা নিহত হৈছিল।

২০১৯ চনত চেন্নাইৰ সমীপৱৰ্তী মহাবলিপুৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অনানুষ্ঠানিক বৈঠকত মিলিত হোৱাৰ পাছত এইবাৰেই প্ৰথম ভাৰতলৈ আহিব শ্বী জিনপিঙ। ইয়াৰ পূৰ্বে ২০১৪ চনত ভাৰত ভ্ৰমণ কৰাৰ লগতে ২০১৬ চনত গোৱাত অনুষ্ঠিত BRICS সন্মিলনতো অংশ লৈছিল তেওঁ।

ইফালে, চলিত মাহতে কিৰ্গিস্তানত অনুষ্ঠিত এক আঞ্চলিক সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মোদী আৰু শ্বী জিনপিঙৰ মাজত চমু সাক্ষাৎ হৈছিল।

শ্বী জিনপিঙৰ ভাৰত ভ্ৰমণৰ পূৰ্বে চীনৰ বৈদেশিক মন্ত্ৰালয়ে দুয়োখন দেশক “প্ৰতিযোগী নহয়, অংশীদাৰ” হিচাপে অভিহিত কৰে। লগতে দুয়োখন দেশে ইজনে-সিজনৰ উন্নয়নত ভাবুকিৰ পৰিৱৰ্তে সুযোগ হিচাপে কাম কৰা বুলি মন্তব্য কৰে।

BRICS সন্মিলনৰ সময়ত মোদী-শ্বী জিনপিঙৰ মাজত সম্ভাব্য দ্বিপাক্ষিক আলোচনাৰ ওপৰতো বিশেষ নজৰ থাকিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮০ৰ দশকৰ AI ফটো ট্ৰেণ্ড: এখন ফটোৰ আঁৰত খৰচ কিমান?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ নষ্টালজিয়া। AI-এ বৰ্তমানৰ ফটোলৈ আনিছে...

প্ৰথমতে ছাগলী চুৰি, তাৰ পাছত প্ৰেমিকাক পলুৱাই নিয়াৰ পৰিকল্পনা!

প্ৰেমে মানুহক কি কি নকৰাই? এইবাৰৰ ঘটনা নগাঁও জিলাৰ...

থানাৰ চৌহদত জ্ঞানৰ ভঁৰাল; অসম আৰক্ষীৰ অভিনৱ পদক্ষেপ

অসম আৰক্ষীৰ এক বিশেষ পদক্ষেপ। আৰক্ষী থানাৰ চৌহদতে স্থাপন...