অসম-মেঘালয়ৰ পৰ্যটক-টেক্সি চালকৰ বিবাদৰ অন্ত পৰাৰ দিশত। শ্বিলঙত অসম আৰু মেঘালয় চৰকাৰ, পৰিবহণ সংগঠনৰে অনুষ্ঠিত হয় উচ্চস্তৰীয় বৈঠক। অসম আৰু মেঘালয়ৰ মাজত পৰ্যটক টেক্সি চালকসকলক লৈ সৃষ্টি হোৱা দীৰ্ঘদিনীয়া বিবাদ অৱশেষত সমাধানৰ পথত আগবাঢ়িছে। দুয়োখন ৰাজ্যৰ পৰ্যটন আৰু পৰিবহণ ব্যৱস্থাৰ সৈতে জড়িত টেক্সি চালকসকলৰ মাজত সৃষ্টি হোৱা উত্তেজনাই বিগত কিছুদিন ধৰি আন্তঃৰাজ্যিক যাতায়াত আৰু পৰ্যটন ক্ষেত্ৰত প্ৰভাৱ পেলাইছিল। উল্লেখযোগ্য যে ১৯ আগষ্টৰ ঘটনাৰ পিছতেই যোৱা ২২ আগষ্টত কইনাধৰাত অনুষ্ঠিত হৈছিল ৰাজ্য দুখনৰ মাজত প্ৰথমলানি বৈঠক। অৱশেষত ৮ ছেপ্টেম্বৰত শ্বিলঙত অনুষ্ঠিত এই দ্বিতীয় লানিৰ আলোচনাত দুয়োখন ৰাজ্যই পৰ্যটক বাহনৰ বাধাহীন চলাচল নিশ্চিত কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হয়।
মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী তথা পৰিবহণ মন্ত্ৰী এচ ধৰ আৰু অসমৰ মন্ত্ৰী অতুল বৰাৰ যুটীয়া সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত অসমৰ সাতখন আৰু মেঘালয়ৰ পাঁচখন পৰ্যটক টেক্সি সন্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৈঠকত দুয়োখন ৰাজ্যৰ টেক্সি চালকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা, আৰক্ষীৰ পৰীক্ষা, পাৰ্কিং, যাতায়াত আৰু আন্তঃৰাজ্যিক পৰ্যটক বাহনৰ চলাচল সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। বিশেষকৈ মেঘালয়ৰ টেক্সি চালকসকলে গুৱাহাটীলৈ অহাৰ সময়ত সন্মুখীন হোৱা সমস্যাৰ কথা উত্থাপন কৰিছিল। গুৱাহাটীত মেঘালয়ৰ পৰ্যটক বাহনৰ বাবে নিৰ্দিষ্ট পাৰ্কিং স্থান আৰু শৌচাগাৰৰ সুবিধাৰ দাবী জনোৱা হৈছিল। অসমৰ ফালৰ পৰাও আন্তঃৰাজ্যিক পৰ্যটক বাহনৰ চলাচলত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধানৰ ওপৰত গুৰুত্ব দিয়া হয়। বৈঠকত এই দাবীসমূহৰ প্ৰতি ইতিবাচক সঁহাৰি জনোৱা হয়।
ইয়াৰ পূৰ্বে ১৯ আগষ্টত শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত দুয়োখন ৰাজ্যৰ টেক্সি চালকসকলৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল। মেঘালয়ৰ টেক্সি সন্থাই অসমৰ পঞ্জীয়নভুক্ত পৰ্যটক বাহনৰ চলাচলক লৈ আপত্তি প্ৰকাশ কৰাৰ লগতে অসমৰ ফালৰ টেক্সি চালকসকলেও সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল। পৰিস্থিতি অধিক জটিল হৈ পৰাত চৰকাৰৰ হস্তক্ষেপৰ প্ৰয়োজনীয়তা দেখা দিছিল।
পৰ্যটন ক্ষেত্ৰৰ বাবে অসম-মেঘালয়ৰ সম্পৰ্ক অত্যন্ত গুৰুত্বপূৰ্ণ। গুৱাহাটী উত্তৰ-পূবৰ অন্যতম প্ৰৱেশদ্বাৰ আৰু মেঘালয়ৰ শ্বিলং, চেৰাপুঞ্জী, মাওলিনং আদি পৰ্যটনস্থলীলৈ যোৱা বহু পৰ্যটকে অসমৰ পৰিবহণ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে টেক্সি চালকসকলৰ মাজৰ সংঘাত কেৱল চালকসকলৰ সমস্যা নহয়, ইয়াৰ প্ৰভাৱ পৰ্যটক, হোটেল ব্যৱসায়ী, গাইড, চালক আৰু সামগ্ৰিকভাৱে দুয়োখন ৰাজ্যৰ পৰ্যটন অৰ্থনীতিত পৰে। সেয়ে বৈঠকৰ সিদ্ধান্তক কেৱল এটা সাময়িক বিবাদৰ অন্ত হিচাপে নলৈ ভৱিষ্যতৰ বাবে এক সুস্থ আন্তঃৰাজ্যিক পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ পদক্ষেপ হিচাপে চাব লাগিব। নিয়ম-কানুন স্পষ্ট কৰা, আৰক্ষীৰ পৰীক্ষা আৰু জৰিমনা প্ৰক্ৰিয়াত স্বচ্ছতা অনা, পৰ্যাপ্ত পাৰ্কিং সুবিধা সৃষ্টি কৰা আৰু টেক্সি সন্থাসমূহৰ সৈতে নিয়মীয়া আলোচনা অব্যাহত ৰখা প্ৰয়োজন।
অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ অৰ্থনীতিৰ বাবে পৰ্যটন এক গুৰুত্বপূৰ্ণ খণ্ড। সেয়েহে টেক্সি চালকসকলৰ মাজৰ বিবাদে যাতে পুনৰ পৰ্যটন ক্ষেত্ৰত অস্থিৰতা সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে দুয়োখন চৰকাৰৰ সমন্বয় আৰু চালক সন্থাসমূহৰ সহযোগিতা অতি প্ৰয়োজনীয়। বিবাদ নহয়, সহযোগিতাইহে অসম-মেঘালয়ৰ পৰ্যটন সম্পৰ্কক অধিক শক্তিশালী কৰিব পাৰে।
