বিশ্বজুৰি যুদ্ধ আৰু সংঘাতৰ পৰিৱেশৰ মাজতে বিশ্ব শান্তিৰ আহ্বানেৰে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি চৰ্চালৈ আহিছে অসমৰ এগৰাকী যুৱক। গহপুৰৰ মৰাণবাৰীৰ যুৱক দিপু বৰুৱাই বিশ্বত শান্তি প্ৰতিষ্ঠা আৰু যুদ্ধ বন্ধৰ আহ্বানেৰে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগতে ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰিছে বিশেষ টোকা সম্বলিত পত্ৰ।
বিগত ১৫ জুলাইত প্ৰেৰণ কৰা এই পত্ৰখনত বিশ্ব শান্তিৰ স্বাৰ্থত যুদ্ধ বন্ধ কৰাৰ আহ্বান জনোৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছিল দিপু বৰুৱাই। এগৰাকী ৰেঁষ্টুৰেণ্টৰ কৰ্মচাৰী হিচাপে কৰ্মৰত যুৱকজনৰ বিশ্ব শান্তিৰ এই চিন্তাই এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা লাভ কৰিছে।

দিপু বৰুৱাৰ এই প্ৰচেষ্টাই ইতিমধ্যে লাভ কৰিছে ৰাষ্ট্ৰসংঘৰ সঁহাৰি। ২৬ আগষ্টত ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা দিপু বৰুৱালৈ প্ৰেৰণ কৰা প্ৰত্যুত্তৰ পত্ৰত তেওঁ আগবঢ়োৱা প্ৰস্তাৱসমূহ ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জৰিয়তে আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।
ইফালে, ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰাও যুৱকজনৰ প্ৰস্তাৱক গুৰুত্বসহকাৰে লোৱা হৈছে। জানিব পৰা মতে, ৩১ জুলাইত ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে দিপু বৰুৱালৈ পত্ৰ প্ৰেৰণ কৰি তেওঁৰ প্ৰস্তাৱসমূহ বিবেচনাৰ বাবে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হ’ব বুলি অৱগত কৰিছে।
ইয়াৰ ফলত গহপুৰৰ এগৰাকী সাধাৰণ অসমীয়া যুৱকৰ বিশ্ব শান্তিৰ বাবে কৰা প্ৰচেষ্টা এতিয়া উপনীত হৈছে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ। যুদ্ধ, সংঘাত আৰু হিংসাৰ বিপৰীতে শান্তি, সহাৱস্থান আৰু মানৱতাৰ বাৰ্তা বিশ্ববাসীৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে দিপু বৰুৱাই গ্ৰহণ কৰা এই পদক্ষেপে ইতিমধ্যে বিশেষ চৰ্চা লাভ কৰিছে।
দিপু বৰুৱাৰ এই প্ৰচেষ্টাৰ বিষয়ে অৱগত হৈ অসমৰ মুখ্যমন্ত্ৰীয়েও যুৱকজনক অভিনন্দন জ্ঞাপন কৰিছে। এগৰাকী সাধাৰণ অসমীয়া যুৱকৰ বিশ্ব শান্তিৰ সপোনে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰাষ্ট্ৰসংঘৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ দৃষ্টি আকৰ্ষণ কৰাটো নিঃসন্দেহে এক উল্লেখযোগ্য ঘটনা।
