ছোৱালীৰ অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেটত বোকাখাত চেম্পিয়ন

ছোৱালীৰ অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন হৈছে বোকাখাত। গুৱাহাটীৰ এচিএ ষ্টেডিয়ামৰ সংলগ্ন খেলপথাৰত অনুষ্ঠিত ফাইনেলত গুৱাহাটীক ৬ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰে বোকাখাতে।

টছত জয়ী হৈ প্ৰথমে ফিল্ডিং বাছি লোৱা বোকাখাতে গুৱাহাটীক ২০ অভাৰত ৮ উইকেটত ৯৭ ৰানতে সীমাবদ্ধ ৰাখে। গুৱাহাটীৰ হৈ বৈভবী দাসে অপৰাজিত ৩৪ ৰান কৰাৰ বিপৰীতে চানভি জৈনে ১৬ আৰু আনন্দী কুমাৰীয়ে ১৬ ৰান সংগ্ৰহ কৰে। বোকাখাতৰ অংকিতা ছেত্ৰীয়ে ৩২ ৰানত ৩টা উইকেট দখল কৰে।

জয়ৰ বাবে ৯৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি বোকাখাতে ১৪.৫ অভাৰত ৪টা উইকেট হেৰুৱাই ৯৯ ৰান সংগ্ৰহ কৰে। টিনামণি পাটগিৰিয়ে ২২ বলত ৩৬ ৰান আৰু ডলী কাৰ্ডঙে ২৬ বলত ৩৫ ৰান কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয় বোকাখাতৰ অংকিতা ছেত্ৰী। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটাৰৰ সন্মান লাভ কৰে ডলী কাৰ্ডঙে, শ্ৰেষ্ঠ বলাৰৰ বঁটা লাভ কৰে হাইলাকান্দিৰ কুলছুম বিবি লস্কৰে। আনহাতে, নগাঁৱৰ চয়নিকা শইকীয়া নিৰ্বাচিত হয় টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে।

অসম ক্ৰিকেট সন্থাই বোকাখাতক খিতাপ জয়ৰ বাবে অভিনন্দন জনোৱাৰ লগতে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা সকলো দল আৰু খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে। পুৰস্কাৰ বিতৰণ অনুষ্ঠানত এচিএ এপেক্স কাউন্সিলৰ সদস্য ৰুমী বড়ো, মহিলা বাছনি সমিতিৰ অধ্যক্ষ নাজনিন চুলতানা আলী আহমেদকে ধৰি অন্যান্য কৰ্মকৰ্তা উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জে কে বৰুৱা ১৯ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটৰ প্লেট গ্ৰুপত গোৱালপাৰা চেম্পিয়ন

জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটৰ প্লেট...

প্ৰাক্তন নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান, উপ-নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ জল্পনা

গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত...

৩৩ বছৰৰ পাছত কৰ্ণাটক উচ্চ ন্যায়ালয়ে আৱিষ্কাৰ কৰে যে এজন মৃত লোকে তৰিছিল গোচৰ

সাধাৰণতে কোনো ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ নামত নতুনকৈ গোচৰ...

১.১০ লাখ কোটি টকাৰ সামৰিক সঁজুলি ক্ৰয়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুমোদন

ভাৰতীয় স্থল সেনা, নৌসেনা আৰু বায়ুসেনাৰ সামৰিক সক্ষমতা অধিক...