পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ! আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজৰ

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ? কাৰাগাৰৰ পৰা ওলাই চুগাৰ ডেডীক কটাৰ হুংকাৰ বশিষ্টপুৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ। ‘তাইকটো কাটিলোঁ জেলৰ পৰা ওলালে চুগাৰ ডেডীটোকো কাটিম’। কিন্ত কোন এই চুগাৰ ডেডী? ইমান নিকৃষ্ট, নৃশংস কাণ্ড কৰি ‘no regrets, no apologies’ বুলি নিৰ্লজ্জ মন্তব্য ৰামানুজৰ। দেশ কঁপাই যোৱা হত্যাকাণ্ড কৰিও তিলমানো অনুশোচনা নাই ৰামানুজ গোস্বামীৰ। ৰিয়াক হত্যা কৰি তৃপ্তি লাভ কৰা বুলিহে উল্লেখ ৰামানুজৰ।

আৰক্ষীৰ জেৰাত পত্নী ৰিয়াক দাৰে প্ৰথমে ৫ বাৰকৈ মৰিয়াই হত্যা কৰা বুলি উল্লেখ ৰামানুজৰ। পূৱা ৩.৩০ মিনিটত পত্নীক হত্যা কৰাৰ পাছতেই মূৰ একেঘাপে ছেদ কৰিছিল। শুক্ৰবাৰে নিশা ৰিয়াক হত্যা কৰি শনিবাৰে পুৱা ১১ বজাত ফ্লেটৰ পৰা ওলাই গৈছিল ৰামানুজ ওৰফে বাবু। সন্ধিয়া পুনৰ ফ্লেটলৈ উভতি গৈ আত্মহত্যাৰ চেষ্টা কৰিছিল ৰামানুজে। কিন্তু আত্মহত্যা কৰিবলৈ ভয় খাইছিল। ৰাজধানী মছজিদৰ সমীপত দেওবাৰে পুৱা গাড়ীৰ ভিতৰত অত্যাধিক সুৰাপান কৰি আত্মসমৰ্পণ কৰিবলৈ সীদ্ধান্ত লৈছিল ৰামানুজে। ৰিয়াই ৰামানুজৰ কোনো কথাই নুশুনা বাবে এই কাণ্ড কৰা বুলি আৰক্ষীৰ ওচৰত কৰিছে দাবী। গ্ৰেপ্তাৰৰ প্ৰথম দিনা মাতৃক কটু মন্তব্য কৰিছিল বুলি দাবী কৰিছিল ঘাতক স্বামী ৰামানুজে। আজি পত্নীৰ বিৰুদ্ধে আনিছে আন এক অভিযোগ। সঁচাকৈয়ে পাৰিবাৰিক কন্দল, গাৰ্হস্থ্য হিংসা, পৰকীয়া প্ৰেম নে নিজক বচোৱাৰ কৌশল লৈছে ৰামানুজে? আৰক্ষীৰ তদন্তত শীঘ্ৰে আহিব পোহৰলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পত্নীক হত্যা কৰি অনুতপ্ত নেকি ৰামানুজ!

পত্নীক হত্যাৰ সন্দৰ্ভত মুখ খুলিছে ৰামানুজে। সোমবাৰে আদালতত সাংবাদিকৰ...

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰিখটাৰ স্কেলত প্ৰাবল্য...

আজি সুধাকণ্ঠৰ জন্মদিন, অসমে সোঁৱৰিছে মহান শিল্পীক

আজি অসমৰ সাংস্কৃতিক জগতৰ বাবে এক বিশেষ দিন। সুধাকণ্ঠ...

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...