মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু আফতাব আমিন পুনাৱালাৰ ঘটনা। বেলতলাৰ বশিষ্ঠপুৰত পত্নীৰ শিৰচ্ছেদ কৰি শিৰ ভৰাই থ’লে ফ্ৰীজত। বশিষ্ঠপুৰ বাইলেন ৪ৰ ১৪নং ঘৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। পত্নীক হত্যা কৰি মূৰ কাটি ক’লা পলিথিনত ভৰাই ফ্ৰিজত ৰাখিছিল স্বামী ৰামানুজ গোস্বামীয়ে। কাটি পেলাইছিল ৰিয়াৰ হাতৰ কেইবাটাও আঙুলি। ৰিয়াৰ শৰীৰৰ বাকী অংশ পেলাই থৈছিল শোৱনী কোঠাৰ বিছনাৰ কাষত। শুক্ৰবাৰে পুৱতি নিশা এই ঘটনা সংঘটিত হৈছিল এই ঘটনা। শনিবাৰে গোটেই দিনতো পত্নীৰ মৃতদেহৰ লগতে আছিল ৰামানুজন। মৃতদেহৰ কাষতে বনাই খাইছিল ভাত। পত্নীৰ মৃতদেহ কাটি কুকুৰক খুওৱাৰ কৰিছিল পৰিকল্পনা। মৃতদেহৰ গোন্ধ ওলাবলৈ আৰম্ভ কৰাত ফ্লেটৰ দুৱাৰ এপাত মোজাৰে চেপা দি বন্ধ কৰি পলাই গৈছিল স্বামী ৰামানুজ গোস্বামী। ফ্লেটৰ পৰা দুৰ্গন্ধ বিয়পি পৰাত প্ৰতিৱেশীয়ে খবৰ দিয়ে আৰক্ষীক। অৱশেষত উদ্ধাৰ হয় দুৰ্গন্ধৰ ৰহস্য। প্ৰতিৱেশীৰ ভাষ্য অনুসৰি প্ৰায়েই কাজিয়া হৈছিল স্বামী-স্ত্ৰীৰ মাজত। শনিবাৰে ভয়ংকৰ হুলস্থুলৰ শব্দ শুনিছিল ৰিয়া-ৰামানুজৰ ফ্লেটৰ পৰা। ঘৰৰ ভিতৰৰ পৰা ভাঁহি আহিছিল কান্দোনৰ ৰোল। চুবুৰীয়াই দেওবাৰে নিশা ৮ বজাত শেষবাৰৰ বাবে দেখা পাইছিল ৰামানুজক।
৬ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল নুনমাটিৰ পিতৃ-মাতৃহীন ৰিয়া তালুকদাৰ আৰু ধুবুৰীৰ গৌৰীপুৰৰ ৰামানুজন গোস্বামীৰ। ফাঁচী বজাৰৰ AC মাৰ্কেটত এখন বুটিকত কাম কৰিছিল ৰিয়াই। তথ্য অনুসৰি কেব চালক ৰামানুজন গোস্বামী আছিল ড্ৰাগছ আসক্তও। ড্ৰাগছেই হ’ল নেকি কাল? আৰক্ষীৰ অভিযানত ৰিয়াৰ মৃতদেহৰ কাষত উদ্ধাৰ কেইবাটাও সুৰাৰ বটল আৰু এখন দা। সুৰাসুক্ত হৈয়ে এই নিকৃষ্ট কাণ্ড কৰিলে নেকি ৰামানুজনে? নে অন্য কিবা কাৰণ? ইতিমধ্যে GMCHৰ মর্গলৈ নিয়া হৈছে ৰিয়া তালুকদাৰৰ মৃতদেহ। আজি সম্পন্ন হ’ব ৰিয়া তালুকদাৰৰ মৰণোত্তৰ পৰীক্ষা।
পত্নীক হত্যা কৰি অৱশেষত দিছপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৰামানুজন গোস্বামীয়ে। দিছুপৰ আৰক্ষীয়ে হাতীগাঁও আৰক্ষীক গতাই দিয়ে পত্নীহন্তা ৰামানজনক। সম্প্ৰতি হাতীগাঁও থানাত ৰখা হৈছে অভিযুক্ত ৰামানুজনক। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষী আৰু CIDয়ে। বৰ্তমানলৈকে জানিব পৰা নাই হত্যাৰ প্ৰকৃত কাৰণ।
