ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা। হঠাৎ ঢলি পৰি প্ৰাণ হেৰুৱালে শিক্ষয়িত্ৰী মাহমুদা শিকদাৰে।
শিক্ষক দিৱসৰ দিনাই মানকাচৰত ঘটিল এক শোকাৱহ ঘটনা। দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মানকাচৰৰ মানুল্ল্যাপাৰা পাব্লিক জাতীয় বিদ্যালয়তো শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে উদযাপন কৰিছিল শিক্ষক দিৱস। কিন্তু শিক্ষক দিৱসৰ কাৰ্যসূচীৰ মাজতে ঘটিল কোনেও কেতিয়াও কল্পনা নকৰা এক অনাকাংক্ষিত ঘটনা। ভাষণ দি আছিল বিদ্যালয়খনৰ শিক্ষয়িত্ৰী মাহমুদা শিকদাৰে। তেতিয়াই হঠাৎ ঢলি পৰিল শিক্ষয়িত্ৰীগৰাকী। ততাতৈয়াকৈ শিক্ষয়িত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছিল হাটশিঙিমাৰী জিলা চিকিৎসালয়ত। কিন্তু চিকিৎসকৰ আপ্ৰাণ চেষ্টা, ছাত্ৰ-ছাত্ৰী তথা সহকৰ্মীৰ প্ৰাৰ্থনাৰ পিছতো পুনৰ সুস্থ হৈ উভতি নাহিল শিক্ষয়িত্ৰীগৰাকী। চিকিৎসালয়ত মৃত ঘোষণা কৰা হ’ল শিক্ষয়িত্ৰী মাহমুদা শিকদাৰক। সুখৰ ক্ষণ মুহূৰ্ততে ৰূপান্তৰিত হ’ল দুখলৈ। ঘটনাৰ পিছতেই শোকৰ ছাঁ পৰিছে মানকাচৰত।
ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ
