নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা উদ্ধাৰ অভিযানৰ মাজতে শনিবাৰে নেপালত সংঘটিত হ’ল দুটাকৈ আশ্চৰ্যজনক উদ্ধাৰ। ধ্বংসাত্মক দুৰ্যোগৰ মাজতো জীৱনৰ যুঁজত জয়ী হৈ জীৱন্ত উদ্ধাৰ হ’ল এগৰাকী ৬৪ বছৰীয়া মহিলা আৰু এগৰাকী চীনা নাগৰিক। ইয়াৰ লগে লগে শেহতীয়া দিনকেইটাত জীৱন্ত উদ্ধাৰ হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পালে।

সৰ্বশেষে ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পৰ সৈতে সংলগ্ন এটা সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হয় এজন চীনা শ্ৰমিকক। ২২৫ মিটাৰ দীঘল সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ আছিল শ্ৰমিকজন।

নেপালী সেনাই জনোৱা অনুসৰি, নেপালী সেনা আৰু দক্ষিণ কোৰিয়াৰ দুৰ্যোগ প্ৰতিক্ৰিয়া বিশেষজ্ঞৰ যৌথ অভিযানত উদ্ধাৰ কৰা হয় শ্ৰমিকজনক। উদ্ধাৰৰ পাছত তেওঁক চিকিৎসা পৰীক্ষাৰ বাবে লৈ যোৱা হয়।

উল্লেখযোগ্য যে, ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পস্থলীত এয়া তৃতীয়টো সফল উদ্ধাৰ অভিযান। শুকুৰবাৰে ত্ৰিশূলী-৩এ জলবিদ্যুৎ প্ৰকল্পৰ এটা সুৰংগৰ পৰা দুজন নেপালী শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰা হৈছিল।

মৃত্যু আৰু ধ্বংসৰ মাজত এই উদ্ধাৰ অভিযানসমূহে নেপালত আশাৰ এক নতুন পোহৰ কঢ়িয়াই আনিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...