১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩ চনৰ ২৫ মে’ত ভাৰতৰ চত্তীশগড় ৰাজ্যৰ চুকমা জিলাৰ ঝীৰাম ঘাটিত সংঘটিত এক ভয়ংকৰ আৰু জঘন্য নক্সালবাদী আক্ৰমণ। এই আক্ৰমণত ৰাজ্যখনৰ শীৰ্ষ কংগ্ৰেছ নেতৃত্বকে ধৰি প্ৰায় ২৯ ৰ পৰা ৩২ জন লোক নিহত হৈছিল। ভাৰতীয় গণতন্ত্ৰ আৰু সুৰক্ষা ব্যৱস্থাৰ ইতিহাসত ইয়াক অন্যতম বৃহৎ নক্সালবাদী সন্ত্ৰাসবাদী কাৰ্যকলাপ হিচাপে গণ্য কৰা হয়।


১৩ বছৰৰ পিছত আক্ৰমণ গোচৰত শনিবাৰে ১০ অভিযুক্তক দোষী সাব্যস্ত কৰে বিশেষ NIA আদালতে। অভিযুক্তসকলৰ ভিতৰত আছে দুগৰাকী মহিলা ।

জগদলপুৰৰ বিশেষ NIA আদালতৰ ন্যায়াধীশ অভয় সিং ৰাজপুতে এই ৰায় প্ৰদান কৰে। গোচৰটোৰ শাস্তিৰ পৰিমাণ সন্দৰ্ভত ১৬ ছেপ্টেম্বৰত সিদ্ধান্ত ঘোষণা কৰা হ’ব। বিচাৰৰ সময়ত মুঠ ১০১জন সাক্ষীৰ বক্তব্য গ্ৰহণ কৰা হৈছিল।


অভিযুক্ত পক্ষই উচ্চ আদালতত ৰায়টোৰ বিৰুদ্ধে আপীল কৰাৰ কথা সদৰী কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...