শিক্ষক দিৱসৰ দিনাই শিক্ষাগুৰুৰ চকুত চকুলো; বিনা বেতনেৰে সেৱা আগবঢ়োৱা টিউটৰসকলে কোনো দিনেই নাপাব নেকি আনুষ্ঠানিক স্বীকৃতি?

আজি শিক্ষক দিৱস উপলক্ষে সমগ্ৰ দেশতে শিক্ষকসকলৰ অৱদানক স্মৰণ কৰাৰ সময়তে পোহৰলৈ আহিছে অসমৰ শিক্ষকৰ জীৱনৰ আন এক বাস্তৱ ছবি। আজিও এনে বহু শিক্ষক তথা টিউটৰ আছে, যিয়ে বছৰ বছৰ ধৰি বিনা বেতনেৰে কৰি আহিছে শিক্ষকতা। নিজৰ আৰ্থিক অনিশ্চয়তাৰ মাজতো ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ়াৰ স্বাৰ্থত তেওঁলোকে অব্যাহত ৰাখিছে শিক্ষাদান।

শিক্ষকতা মহান বৃত্তি বুলি কোৱা হয়। কিন্তু এই মহান বৃত্তিৰ আঁৰত থকা বহু শিক্ষকৰ জীৱন যে কিমান কষ্টকৰ, সেই কথা হয়তো সকলোৱে নাজানে। শিক্ষকৰ দায়িত্ব পালন কৰাৰ পাছতো বহু শিক্ষকে মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ লাভ কৰা নাই প্ৰাপ্য শিক্ষকৰ মৰ্যদা। বিনা বেতনেৰে শিক্ষকতা কৰাটো কেৱল আৰ্থিক সমস্যাই নহয়, ই এক গভীৰ মানসিক সংগ্ৰামো। পৰিয়াল চলোৱা, সন্তানৰ শিক্ষা, দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ এই সকলো দায়িত্বৰ মাজতে শিক্ষকসকলে নিজৰ পেছাগত দায়িত্ব পালন কৰি আহিছে। বহু সময়ত চাকৰি নিয়মীয়াকৰণ হোৱাৰ আশাত বছৰ বছৰ অপেক্ষা কৰিবলগীয়া হৈছে তেওঁলোকে।

এনে এজন শিক্ষক তথা টিউটৰ হৈছে কলিয়াবৰ শালবাৰীৰ ৰাজীৱ গান্ধী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৰামচিং ৰামচিয়াৰীৰ। বছৰ বছৰ ধৰি বিনা বেতনৰে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ জীৱন আলোকিত কৰি আহিছে শিক্ষক ৰামচিং ৰামচিয়াৰীয়ে। ২০২১ চনতে শিক্ষানুষ্ঠানখনে স্বীকৃতি পালে যদিও শিক্ষকজনৰ চাকৰি নহ’ল নিয়মীয়া। শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত চকুলো টুকি চাকৰিটো নিয়মীয়া কৰি দিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনালে শিক্ষক ৰামচিং ৰামচিয়াৰীয়ে।

খোৱাং শিলপোটাৰ ছাত্ৰী কল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক নীলমণি গগৈয়ে ১৯৮২ চনৰ পৰা বিনা বেতনেৰে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিলে। শিক্ষকজনে ২৬ বছৰ শিক্ষকতা কৰিও নাপালে কোনো ধৰণৰ মাননি। আৰ্থিক অনাটনৰ মাজেৰেই চলাই নিছে জীৱন সংগ্ৰাম। আৰ্থিক অনাটনত পৈত্তিক সম্পত্তি বন্ধকত ৰাখিও গঢ় দিলে বহু শিক্ষাৰ্থীৰ জীৱন। কিন্তু চকুত নপৰিল চৰকাৰৰ কোনো বৰমূৰীয়াৰ। এয়া কেৱল এজন-দুজন শিক্ষকৰ কাহিনী নহয়; ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছে এনে বহু শিক্ষকৰ কঠিন জীৱন সংগ্ৰাম।

এতিয়া প্ৰশ্ন উঠিছে টিউটৰে কোনো দিনেই নাপাব নেকি আনুষ্ঠানিক স্বীকৃতি? কণ কণ শিক্ষাৰ্থীৰ ভৱিষ্যত গঢ়া শিক্ষকৰ কথা ভাবিব কোনে? শিক্ষা মন্ত্ৰীৰ ঘোষণাই আশাহত কৰিছে টিউটৰক। যিসকল শিক্ষকৰ বয়স উকলিছে অথবা শিক্ষাৰ্থীৰ নামতে আজীৱন উচৰ্গা কৰিলে সেইসকলৰ ভৱিষ্যত কি হ’ব? সমগ্ৰ শিক্ষাই এইসকল শিক্ষাগুৰুক কিয় সামৰিব পৰা নাই? এইসকল অৰ্হতাৰ অভাৱ, ছাত্ৰ-ছাত্ৰী হ্ৰাস নে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ সমস্যা? এইসকল টিউটৰে এতিয়া চকুৰে বাট নেদেখা হৈছে। শিক্ষা মন্ত্ৰী ৰণোজ পেগুক পুনৰবাৰ বিষয়টো বিবেচনা কৰাৰ আহ্বান।

শিক্ষক দিৱসত শিক্ষকসকলক ফুল, উপহাৰ আৰু শুভেচ্ছাৰে সন্মান জনোৱা হয়। কিন্তু প্ৰকৃত সন্মান তেতিয়াহে অৰ্থপূৰ্ণ হ’ব, যেতিয়া বছৰ বছৰ ধৰি বিনা বেতনেৰে সেৱা আগবঢ়াই অহা শিক্ষকসকলৰ সমস্যাৰ স্থায়ী সমাধান হ’ব। এগৰাকী শিক্ষক এখন সমাজৰ ভৱিষ্যৎ নিৰ্মাণ কৰে। সেয়ে তেওঁলোকৰ শ্ৰমৰ উচিত মূল্য আৰু জীৱন-জীৱিকাৰ নিৰাপত্তা নিশ্চিত কৰাটো সমাজ তথা চৰকাৰৰ দায়িত্ব। শিক্ষক দিৱসৰ এই বিশেষ দিনটোত সেয়ে প্ৰশ্নটো উত্থাপন হওক- যিসকল শিক্ষকে এটা প্ৰজন্মৰ ভৱিষ্যৎ গঢ়ি তোলে, তেওঁলোকৰ নিজৰ ভৱিষ্যৎ যদি অনিশ্চিত হৈ থাকে, তেন্তে শিক্ষক দিৱসৰ প্ৰকৃত অৰ্থ ক’ত?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...

অসমৰ বিদ্যালয়ত প্ৰয়োগ হ’ব কৃত্ৰিম বুদ্ধিমত্তা: ৬টা প্ৰতিষ্ঠান আৰু IIT মাদ্ৰাজৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি

অসমৰ শিক্ষাখণ্ডত কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ...

সলনি হ’ব নেকি বিশ্ব মানচিত্ৰ? আফ্ৰিকাৰ প্ৰকৃত আকাৰ স্পষ্ট কৰিবলৈ বিশ্ব মানচিত্ৰ সলনিৰ পোষকতা UN-ৰ

বিশ্বৰ পৰম্পৰাগত মানচিত্ৰত আফ্ৰিকা মহাদেশৰ প্ৰকৃত আকাৰ সঠিকভাৱে প্ৰতিফলিত...