‘স্বদেশী’ আকোৱালি লওক, অপ্ৰয়োজনীয় সোণ ক্ৰয় আৰু বিদেশত বিবাহ পৰিহাৰ কৰক: দেশবাসীক প্ৰধানমন্ত্ৰী মোদীৰ পুনৰ আহ্বান

দেশৰ অৰ্থনীতিক অধিক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে ‘স্বদেশী’ তথা ‘ভকেল ফৰ লোকেল’ৰ মন্ত্ৰ নিষ্ঠাৰে পালন কৰিবলৈ দেশবাসীৰ প্ৰতি পুনৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যমৰ জৰিয়তে দেশৰ নাগৰিকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিতান্ত প্ৰয়োজন নহ’লে সোণ ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায়। ইয়াৰ সমান্তৰালকৈ কেৱল আমোদ-প্ৰমোদৰ বাবে বিদেশ ভ্ৰমণ কৰা আৰু বিদেশৰ মাটিত বিলাসী বিবাহ অনুষ্ঠান (Destination Wedding) আয়োজন কৰাৰ পৰিৱৰ্তে ‘ৱেডিংস্ক ইন ইণ্ডিয়া’ (Weddings in India) মন্ত্ৰৰে দেশৰ ভিতৰতে সকলো মাংগলিক কাৰ্যসূচী সম্পন্ন কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশে যিমানেই স্বদেশী সামগ্ৰী আৰু আত্মনিৰ্ভৰশীলতাক অগ্ৰাধিকাৰ দিব, সিমানেই দেশৰ অৰ্থনীতি সুদৃঢ় হ’ব আৰু স্বাধীনতাৰ শতবৰ্ষ সম্পূৰ্ণ হোৱাৰ সময়ত যুৱপ্ৰজন্মৰ হাতত এখন ‘বিকশিত ভাৰত’ তুলি দিয়াৰ পথ সুগম হ’ব। আজিৰ পৰিশ্ৰম আৰু সুচিন্তিত পদক্ষেপেহে ভৱিষ্যত প্ৰজন্মৰ আশা-আকাংক্ষাক বাস্তৱ ৰূপ দিব বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰৰ সঠিক নীতি আৰু ১৪০ কোটি ভাৰতীয়ৰ সংকল্পবদ্ধ শক্তিৰে দেশক নতুন উচ্চতালৈ লৈ যাব পৰা যাব। ঘৰুৱা উৎপাদন বৃদ্ধি আৰু স্থানীয় ব্যৱসায়ীসকলক সহায় কৰাৰ উদ্দেশ্যে এই সংকল্পক বাস্তৱায়িত কৰিবলৈ তেওঁ সকলো শ্ৰেণীৰ নাগৰিককে একত্ৰিত হৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অযোধ্যা ৰাম মন্দিৰৰ নতুন CEO নিযুক্ত, সাক্ষাৎকাৰত প্ৰশ্ন—‘ভগৱান ৰামৰ প্ৰতি আপোনাৰ বিশ্বাস কিমান দৃঢ়?’

ৰাম মন্দিৰ ট্ৰাষ্টৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অৱসৰপ্ৰাপ্ত...

কঁপিছে এণ্টাৰ্কটিকা! ‘ডুমছডে গ্লেচিয়াৰ’ত শতাধিক ভূমিকম্প

‘ডুমছডে গ্লেচিয়াৰ’ৰ বুকুত ৩৬২টা ভূমিকম্প! এণ্টাৰ্কটিকাৰ বৰফত কঁপিছে ভৱিষ্যৎ। ‘ডুমছডে...

কফি নে চাহ? বয়স বাঢ়িলে হাঁড়ে কি বিচাৰে— নতুন গৱেষণাই দিলে আকৰ্ষণীয় ইংগিত

কাপটো হাতত লোৱাৰ আগতে এবাৰ ভাবক—কফি নে চাহ? বয়স বাঢ়াৰ...

বানবিধ্বস্ত নেপাললৈ ঔষধ আৰু উদ্ধাৰকাৰী দলসহ ভাৰতে প্ৰেৰণ কৰিলে পঞ্চমখন সাহায্যবাহী বিমান

ভয়ংকৰ আকস্মিক বান আৰু ভূমিস্খলনৰ কবলত পৰা চুবুৰীয়া ৰাষ্ট্ৰ...