চাকৰি বিচাৰি হাবাথুৰি খাইছে নেকি? এতিয়া আৰু চিন্তাৰ কাৰণ নাই; পুনৰ ২ লাখ নতুন পদত নিযুক্তি প্ৰদানৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

চাকৰি বিচাৰি হাবাথুৰি খাইছে্ নেকি? বয়স বাঢ়ি গৈছে, চাকৰি এটা নাপায় ভুগিছে নেকি হতাশাত? এতিয়া আৰু চিন্তাৰ কাৰণ নাই। দেৰগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে দিলে সুখবৰ। লাচিত বৰফুকন পুলিচ একাডেমীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি ২ লাখ নতুন পদত নিযুক্তি প্ৰদান কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। ৫ বছৰৰ ভিতৰত অসম আৰক্ষীত ২১,০০০ নতুন নিযুক্তি দিয়াৰ পাছতে পুনৰ ১৫ৰ পৰা ২০ হাজাৰ আৰক্ষী বিভাগত নিযুক্তি প্ৰদান কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কেইবাটাও বেটেলিয়ন, SDRF বাহিনীত নিযুক্তি দিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।

অসমত শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত পদৰ সৃষ্টি কৰাটো চৰকাৰৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। সামগ্ৰিকভাবে ২ লাখ নিবনুৱাক নিযুক্তি প্ৰদানৰ ঘোষণা অসমৰ যুৱ প্ৰজন্মৰ বাবে সুখৰ বতৰা। মুখ্যমন্ত্ৰীৰ এই পদক্ষেপে ৰাজ্যখনৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ লগতে অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত সহায় কৰিব বুলি আশাবাদী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালৰ বানত নিহতসকলৰ চিনাক্তকৰণৰ বাবে DNA টেষ্ট আৰম্ভ কৰিলে ভাৰতীয় ফৰেনচিক দলে

নেপালত শেহতীয়াকৈ সংঘটিত হোৱা প্ৰলয়ংকৰী আকস্মিক বানপানীৰ ফলত প্ৰাণ...