নেপালৰ এখন বিদ্যালয়। পুৱা তেতিয়া স্বাভাৱিকভাৱেই চলি আছিল পাঠদান। শ্ৰেণীকোঠাত ব্যস্ত ১৬০০ৰো অধিক ছাত্ৰ-ছাত্ৰী। কিন্তু কেইমুহূৰ্তমানৰ ভিতৰতে সলনি হৈ গ’ল সকলো দৃশ্য।

নদীৰ বুকু ফালি অহা ভয়ংকৰ বানপানীয়ে গ্ৰাস কৰিবলৈ ওলাইছিল সমগ্ৰ বিদ্যালয়খন। তেনে এক সংকটৰ মুহূৰ্তত মাত্ৰ এটা সিদ্ধান্তই সলাই দিলে ১৬০০ৰো অধিক শিশুৰ ভাগ্য।
এই সাহসী সিদ্ধান্তৰ নায়ক ৰাজেন্দ্ৰ দাৱাদী—নুৱাকোটৰ বিদুৰস্থিত Tribhuvan Trishuli Secondary Schoolৰ প্ৰধান শিক্ষক।
চাৰিটা ফোন কল, তাৰ পাছতেই যুদ্ধকালীন তৎপৰতা
BBCক দিয়া সাক্ষাৎকাৰত ৰাজেন্দ্ৰ দাৱাদীয়ে কয়, স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৯:১০ বজাত তেওঁ একেৰাহে চাৰিটাকৈ ফোনকল লাভ কৰিছিল। ফোনত আহিছিল ভয়ংকৰ বানৰ সতৰ্কবাণী।
সময় নষ্ট নকৰি তেওঁ লৈছিল কঠিন সিদ্ধান্ত।
“শিশুসকলক ওখ ঠাইলৈ দৌৰিবলৈ কৈছিলোঁ। ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া বাছবোৰো ঘূৰাই পঠিয়াবলৈ নিৰ্দেশ দিছিলোঁ।”
দাৱাদীৰ সেই মুহূৰ্তৰ সিদ্ধান্তই যেন বিদ্যালয়খনৰ প্ৰতিগৰাকী শিশুৰ বাবে খুলি দিছিল জীৱনৰ দুৱাৰ।

মাত্ৰ ১০ মিনিট পলম হ’লেই…
BBCৰ আগত নিজৰ সেই ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰি প্ৰধান শিক্ষকগৰাকীয়ে কয়—
“If we didn’t make a quick decision, if it was 10 minutes later, we all – including the students and me – wouldn’t be able to speak to you today.”
অৰ্থাৎ, “আমি যদি ক্ষিপ্ৰ সিদ্ধান্ত নোলোৱাহেঁতেন, মাত্ৰ ১০ মিনিট পলম হ’লেই আজি আমি—মই আৰু ছাত্ৰ-ছাত্ৰীসকলে—আপোনাৰ সৈতে কথা পাতিব নোৱাৰিলোঁহেঁতেন।”
কিন্তু বিপদ তাতেই শেষ হোৱা নাছিল। নদীৰ পানী আহিল যেন মৃত্যুৰ দূত হৈ ।
পানীৰ সোঁত ইমানেই ভয়ংকৰ আছিল যে নদীৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত থকা ছাত্ৰাবাসৰ এটা ভৱনো মুহূৰ্তৰ ভিতৰতে পানীয়ে গ্ৰাস কৰিছিল।
সেই ভয়ংকৰ দৃশ্যৰ কথা সুঁৱৰী দাৱাদীয়ে BBCক কয়—
“I along with my friends survived by just 10 seconds only.”
অৰ্থাৎ, “মই আৰু মোৰ বন্ধুসকল মাত্ৰ ১০ ছেকেণ্ডৰ ব্যৱধানতহে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিলোঁ।”
এফালে পানীৰ তাণ্ডৱ, আনফালে বিদ্যালয় এৰি নিৰাপদ স্থানলৈ দৌৰি থকা কণ কণ ছাত্ৰ-ছাত্ৰী। প্ৰতিটো ছেকেণ্ডেই যেন হৈ পৰিছিল জীৱন-মৃত্যুৰ সীমাৰেখা।

১৯৫০ৰ দশকৰ বিদ্যালয়, ভাৰতৰ সৈতে পুৰণি সম্পৰ্ক
Tribhuvan Trishuli Secondary Schoolখনৰ ইতিহাসো যথেষ্ট পুৰণি। ১৯৫০ৰ দশকতে স্থাপন হোৱা এই বিদ্যালয়খনৰ সৈতে ভাৰতৰো এক বিশেষ সম্পৰ্ক আছে।
বিদ্যালয়খনৰ মূল গৃহৰ নক্সা প্ৰস্তুত কৰিছিল Trishuli Hydropower Plant নিৰ্মাণৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিযন্তাই। ভাৰতৰ সহায়ত নিৰ্মাণ কৰা হৈছিল বিদ্যালয়খনৰ নতুন ভৱনটোও।
