অসমৰ বানপীড়িত লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৫,০০০ কোটি টকাৰ বিভিন্ন সাহায্য আৰু উন্নয়নমূলক পেকেজ আগবঢ়াইছে। বানপানীৰ ক্ষয়-ক্ষতি, কৃষকৰ সমস্যা আৰু গ্ৰামোন্নয়নক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় কৃষি তথা গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মাজত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়।
পেকেজটোৰ অন্যতম গুৰুত্বপূৰ্ণ ঘোষণা হৈছে *প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (PMAY-G)*ৰ অধীনত অসমত ৩.৮ লাখ নতুন ঘৰ অনুমোদন। বানপীড়িত অঞ্চলসমূহৰ যোগ্য পৰিয়ালৰ বাবে আগন্তুক দিনত আৰু অধিক PMAY ঘৰ অনুমোদনৰ আশ্বাসো কেন্দ্ৰৰ ফালৰ পৰা দিয়া হৈছে।

ইফালে, PMAY-Gৰ হিতাধিকাৰী চিনাক্তকৰণৰ বাবে চলি থকা জৰীপৰ সময়সীমা ১৫ দিন বৃদ্ধি কৰা হৈছে। কোনো যোগ্য বানপীড়িত পৰিয়াল যাতে আঁতৰি নাথাকে, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰা হৈছে। ভূমিৰ পট্টা লাভ কৰাৰ পিছত চাহ বাগিচাৰ যোগ্য শ্ৰমিক পৰিয়ালসমূহকো PMAYৰ সুবিধাৰ আওতালৈ অনাৰ সিদ্ধান্ত লোৱা হৈছে।
কৃষিখণ্ডৰ বাবেও কেন্দ্ৰই কেইবাটাও গুৰুত্বপূৰ্ণ অনুমোদন আগবঢ়াইছে। বানপীড়িত কৃষকৰ বাবে ৮৩২.৭০ কোটি টকাৰ কৃষি কাৰ্যপন্থা, কৃষি যান্ত্ৰিকীকৰণৰ বাবে ৩৩.৩৬ কোটি টকা, উদ্যান শস্যৰ উন্নয়নৰ বাবে MIDHৰ অধীনত ৯৬.৮৭ কোটি টকা আৰু কৃষিখণ্ডত বিনিয়োগ বৃদ্ধিৰ বাবে RKVYৰ অধীনত ১৩৯ কোটি টকা অনুমোদন কৰা হৈছে।
কেন্দ্ৰৰ এই সহায়ৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বানপীড়িত অসমৰ পুনৰ্নিৰ্মাণ আৰু কৃষিখণ্ডক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই পেকেজে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা আছে।
