অসমে পশু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে। এই ঐতিহাসিক সাফল্যৰ খবৰ সামাজিক মাধ্যম যোগে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।IVF পদ্ধতিৰে জন্মলাভ কৰা অসমৰ একমাত্ৰ পঞ্জীয়নভুক্ত থলুৱা গৰুৰ জাত ‘লখিমী’ৰ মাইকী পোৱালি এজনী অসম পশু চিকিৎসা আৰু মীন বিজ্ঞান বিশ্ববিদ্যালয়ৰ IVF লেবৰেটৰী চৌহদত জন্ম লাভ কৰিছে।

এই সাফল্যক অসমৰ থলুৱা গৰুৰ জাত লখিমীৰ সংৰক্ষণ, জিনীয় উৎকৰ্ষ সাধন আৰু উৎপাদনশীলতা বৃদ্ধিৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হিচাপে গণ্য কৰা হৈছে।
আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত অসমৰ থলুৱা গৰুৰ জাতক আগুৱাই নিয়াৰ এই পদক্ষেপে পশুপালন আৰু দুগ্ধ খণ্ডৰ বাবেও নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি। বিশেষকৈ থলুৱা জাত সংৰক্ষণ, ৰোগ নিয়ন্ত্ৰণ, গাখীৰ উৎপাদন বৃদ্ধি আৰু কৃষকৰ আয় বৃদ্ধিত এই প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
বৰ্তমান এই কণমানি IVF গৰু পোৱালিটো অসমৰ জৈৱপ্ৰযুক্তি আৰু পশুপালন খণ্ডৰ বাবে এক বৃহৎ মাইলৰখুঁটি হিচাপে পৰিচয় লাভ কৰিছে।
