গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ যুৱকজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে। শুকুৰবাৰে গুৱাহাটীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে।

১৫ আগষ্টৰ নিশা সংঘটিত হৈছিল ঘটনা ।
পৰিয়ালৰ অভিযোগ অনুসৰি, ১৫ আগষ্টৰ নিশা ৰণবীৰ সিঙক কেইবাজনো লোকে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল। আক্ৰমণৰ ফলত তেওঁৰ শৰীৰত আঘাতৰ স্পষ্ট চিন থকাৰ লগতে বেজীৰে আঘাত কৰাৰো চিহ্ন পোৱা গৈছিল বুলি পৰিয়ালে অভিযোগ কৰিছে। আনকি আক্ৰমণকাৰীয়ে পানীৰ পৰিৱৰ্তে ৰণবীৰক প্ৰস্ৰাৱ খাবলৈ দিয়া বুলিও পৰিয়ালৰ অভিযোগ।
পুৱতি নিশা উদ্ধাৰ যুৱকজন ।
পুৱতি নিশা আৰক্ষীয়ে ৰণবীৰ সিঙক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায়। ১৬ আগষ্টৰ পুৱা আৰক্ষীয়ে ঘটনাৰ বিষয়ে পৰিয়ালক অৱগত কৰে। পিছত উন্নত চিকিৎসাৰ বাবে ৰণবীৰক গুৱাহাটীলৈ লৈ অহা হয়। কিন্তু চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে মৃত্যু হয় ৰণবীৰ সিঙৰ।
৯জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ।
ঘটনাত ৯জন লোক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ৰণবীৰৰ পৰিয়ালে। ইতিমধ্যে ৯ অভিযুক্তৰ বিৰুদ্ধে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে।
এজাহাৰত নাম উল্লেখ কৰা অভিযুক্তকেইজন হৈছে—সুশীল বৰ্মন, সনাতন বৰ্মন, ওম প্ৰকাশ গুপ্তা, ৰতন বৰ্মন, অখিল বৰ্মন, চবিন বৰ্মন, মনোমোহন হাজং, প্ৰসেনজিৎ বৰ্মন আৰু মুকেশ চৌধুৰী।
ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত প্ৰসেনজিৎ বৰ্মনক গ্ৰেপ্তাৰ কৰিছে লক্ষীপুৰ আৰক্ষীয়ে। ঘটনাটোক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
