BWF World Championships 2026-ত ইতিহাস ৰচনা ত্ৰেছা-গায়ত্ৰীৰ

নতুন দিল্লীৰ ইন্দিৰা গান্ধী এৰিনাত ইতিহাস ৰচিলে ভাৰতীয় বেডমিণ্টনৰ যুৱ যুটি ত্ৰেছা জলি আৰু গায়ত্ৰী গোপীচন্দে। BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৬ৰ মহিলা ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনক পৰাস্ত কৰি ভাৰতৰ বাবে অন্ততঃ ব্ৰঞ্জৰ পদক নিশ্চিত কৰিলে বিশ্বৰ ৩৯ নম্বৰত থকা ভাৰতীয় যুটিটোৱে।

মেচখনৰ আৰম্ভণি অৱশ্যে ভাৰতৰ পক্ষত নাছিল। প্ৰথম গেমত ১৬-২১ ব্যৱধানত পৰাস্ত হৈছিল ত্ৰেছা আৰু গায়ত্ৰী। কিন্তু তাৰ পাছতে দুয়োগৰাকীয়ে দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই দ্বিতীয় গেমটো ২১-১৫ত নিজৰ দখললৈ আনে।

নিৰ্ণায়ক তৃতীয় গেমত আৰু অধিক আত্মবিশ্বাসী ৰূপত খেলি চীনা যুটিক কোনো সুযোগ নিদিলে ভাৰতীয় যুটিটোৱে। ২১-১৩ ব্যৱধানত তৃতীয় গেম জয় কৰি কোৱাৰ্টাৰ ফাইনেলত ২-১ ব্যৱধানত বিজয় সাব্যস্ত কৰে ত্ৰেছা-গায়ত্ৰীয়ে।

এই জয়ৰ লগে লগে বিশ্ব চেম্পিয়নশ্বিপৰ মহিলা ডাবলছত ভাৰতে ২০১১ চনৰ পাছত প্ৰথমবাৰৰ বাবে পদক নিশ্চিত কৰিলে। ২০১১ চনত জ্বালা গুট্টা আৰু অশ্বিনী পোনাপ্পাই এই শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

বিশ্ব চেম্পিয়নশ্বিপ ২০২৬ত এই মুহূৰ্তলৈ ভাৰতৰ একমাত্ৰ নিশ্চিত পদকো হৈছে ত্ৰেছা-গায়ত্ৰীৰ এই ব্ৰঞ্জ। এতিয়া ছেমিফাইনেলত জয়লাভ কৰি পদকৰ ৰং সলনি কৰাৰ লক্ষ্যৰে ক’ৰ্টত নামিব ভাৰতীয় যুটিটো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ প্ৰথম IVF গৰু পোৱালিৰ জন্ম অসমত, পশুপালন খণ্ডত ঐতিহাসিক সাফল্য

অসমে পশু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে।...

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকৰ

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ...

শ্বিলঙৰ ৰাজপথত CRPF-RAFৰ ফ্লেগ মাৰ্চ, কটকটীয়া নিৰাপত্তা ব্যৱস্থা

শ্বিলঙত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ মাজতে নিৰাপত্তাৰ আশ্বাস দিবলৈ...

বিশ্বকাপ ফুটবল ২০২৬ৰ এক সংঘাত আৰু FIFAৰ কঠোৰ সিদ্ধান্ত

২০২৬ বিশ্বকাপৰ ফাইনেলত স্পেইনৰ হাতত ১-০ গ’লত পৰাস্ত হোৱাৰ...