অসমৰ বান পৰিস্থিতি আৰু বানপীড়িত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰৰ সহায় বিচাৰি দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

দিল্লী ভ্ৰমণৰ দ্বিতীয় দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক অসমৰ বান পৰিস্থিতিৰ সাম্প্ৰতিক অৱস্থা, বানপীড়িত অঞ্চলসমূহত চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে অৱগত কৰে। বৈঠকত তেওঁ বানত হোৱা ক্ষয়-ক্ষতিৰ এক প্ৰতিবেদনো কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ হাতত অৰ্পণ কৰে।
ইয়াৰ লগতে বানপীড়িত লোকসকলৰ পুনৰ সংস্থাপন আৰু পুনৰ্বাসনৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও বিত্তমন্ত্ৰীগৰাকীক অৱগত কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ সাহায্য অভিযানৰ দ্বিতীয় পৰ্যায়ৰ পৰিকল্পনাৰ বিষয়েও কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সৈতে আলোচনা কৰে।

সূত্ৰ অনুসৰি, বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পুনৰ্বাসন আৰু পুনৰ সংস্থাপনৰ কাম সুচাৰুৰূপে ৰূপায়ণৰ বাবে অসমে কেন্দ্ৰৰ পৰা এক বৃহৎ বিত্তীয় সাহায্যৰ পেকেজ বিচাৰিছে। বৈঠকত এই বিষয়টোও গুৰুত্বসহকাৰে উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
