অসম প্ৰিমিয়াৰ লীগৰ প্ৰাইজমানি ঘোষণা; চেম্পিয়ন দলে ৫০ লাখ, ৰানাৰ্ছআপ দলে লাভ কৰিব ২৫ লাখ

উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন দলে ৫০ লাখ টকা তথা ৰানাৰ্ছআপ দলটোৱে ২৫ লাখ টকা লাভ কৰিব৷ উল্লেখ্য যে অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ ছেমিফাইনেল খেলিব লগা চাৰিওটা দল ইতিমধ্যে নিশ্চিত হৈছে৷

সেই অনুসৰি পইণ্ট তালিকাৰ শীৰ্ষ চাৰিটা দল ক্ৰমে গুৱাহাটী ৰয়েলছ, ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, বৰপেটা ব্ৰেভছ আৰু বৰাক লিজেণ্ডছে অহা ২১ আগষ্টত হ’বলগা ছেমিফাইনেল মেচ দুখনত প্ৰতিদ্বন্দ্বিতা কৰিব৷

আনহাতে, অহা ২৩ আগষ্টত এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফাইনেল৷ ৰাজ্যৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে অসম ক্ৰিকেট সন্থাই আয়োজন কৰা প্ৰথম বৰ্ষৰ এ পি এলত আঠটা দলে ২৩ দিনত মুঠ ৪৩ খন মেচত অংশ লয়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অৱশেষত ৬০ বছৰৰ মূৰত লাভ কৰিলে BA পাছৰ চাৰ্টিফিকেট! মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জোৰামথাংগাৰ আমোদজনক কাহিনী

গুৱাহাটী বিশ্ববিদ্যালয়ত মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মিজো নেচনেল ফ্ৰণ্টৰ...

ভাৰত-জাপানৰ সামুদ্ৰিক প্ৰতিৰক্ষা হ’ব আৰু শক্তিশালী

সামুদ্ৰিক প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ...

জেপিএছচি আৰু জেএছএছচি পৰীক্ষা বাতিলৰ সিদ্ধান্তত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে হেমন্ত চোৰেন চৰকাৰৰ জেপিএছচি (JPSC) আৰু...