মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সৌজন্যমূলক সাক্ষাৎ গোলাম বাবু কিব্ৰীয়াৰ

অসমৰ বিশিষ্ট ব্যৱসায়ী, যুৱনেতা তথা সমাজসেৱক গোলাম বাবু কিব্ৰীয়াই তেওঁৰ সহধৰ্মিণীৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এক সৌজন্যমূলক সাক্ষাৎ কৰে।

শেহতীয়াকৈ ৰাজনৈতিক আৰু সামাজিক কৰ্মৰাজীত সক্ৰিয় হৈ থকা কিব্ৰীয়াৰ এই সাক্ষাৎকাৰ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত এই সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎকালত ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন, যুৱসমাজৰ ভূমিকা আৰু বিভিন্ন সমাজসেৱামূলক বিষয় সন্দৰ্ভত বিতংভাৱে মত-বিনিময় কৰা হয়।

এই বিশেষ সাক্ষাৎকালত অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে। আলোচনাৰ সময়ত ৰাজ্যখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ সামাজিক তথা অৰ্থনৈতিক দিশ সামৰি লোৱাৰ লগতে ভৱিষ্যতে যুৱপ্ৰজন্মক অধিক সক্ৰিয়ভাৱে সমাজ আৰু ৰাজ্য গঠনৰ কামত জড়িত কৰাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাক্ষাৎ কৰি এনেদৰে দিহা-পৰামৰ্শ লাভ কৰাৰ সুযোগ পোৱাটো তেওঁৰ বাবে এক অত্যন্ত সৌভাগ্য আৰু প্ৰেৰণাদায়ক মুহূৰ্ত বুলি গোলাম বাবু কিব্ৰীয়াই ব্যক্ত কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ ৰূপনগৰত...