অসমৰ কিংবদন্তি আলোকচিত্ৰশিল্পী তথা ‘শ্বাটাৰ গুৰু’ হিচাপে পৰিচিত নলিনী কান্ত বৰুৱাৰ ঐতিহাসিক ভিন্টেজ কেমেৰাৰ এক সংগ্ৰহ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগত সংৰক্ষিত কৰা হৈছে। বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে বিভাগটোৱে আয়োজন কৰা ‘ছবি ঘৰ’ নামৰ আলোকচিত্ৰ প্ৰদৰ্শনী তথা প্ৰতিযোগিতাত আলোকচিত্ৰশিল্পীগৰাকীৰ পুত্ৰ মাধুৰ্য বৰুৱাই এই কেমেৰাসমূহ আনুষ্ঠানিকভাৱে বিভাগটোক অৰ্পণ কৰে। এই কেমেৰাসমূহ শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন আৰু শৈক্ষিক ব্যৱহাৰৰ বাবে ৰখা হ’ব।

বিশ্ববিদ্যালয়ৰ উপ-উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে প্ৰদৰ্শনীখন উদ্বোধন কৰে। অনুষ্ঠানত ছাত্ৰ কল্যাণৰ ডীন মানবেন্দ্ৰ মণ্ডল আৰু মানৱিকী আৰু সমাজবিজ্ঞান অনুষদৰ ডীন অধ্যাপক চন্দন কুমাৰ শৰ্মা উপস্থিত থাকে। গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী ড° মনোজ দেউৰীয়ে বৰুৱা পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

২০২৬ বৰ্ষৰ বিশ্ব আলোকচিত্ৰ দিৱসৰ মূল বিষয়বস্তু ‘HOME’-ৰ সৈতে সংগতি ৰাখি ‘ছবি ঘৰ’ত তিনিটা শাখাত আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয়। প্ৰদৰ্শনীত নলিনী কান্ত বৰুৱাৰ ১৯৫৭ চনৰ ‘Photo Service’ ষ্টুডিঅ’ৰ ঐতিহাসিক টাইমলাইন, জুবিন গাৰ্গৰ প্ৰতি উৎসৰ্গিত ফটো ৱাল আৰু ‘কেমেৰা অবছকুৰা’ৰ প্ৰদৰ্শনো অন্তৰ্ভুক্ত আছিল। ইয়াৰ উপৰি অইল ইণ্ডিয়া লিমিটেডৰ কৰ্প’ৰেট কমিউনিকেশ্বনৰ মুখ্য প্ৰবন্ধক তথা প্ৰাক্তন ছাত্ৰ জয়ন্ত বৰমুদৈৰ সৈতে এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।
ফটো সাংবাদিক সমীৰ কৰ, ভিজুৱেল ষ্ট’ৰিটেলাৰ সাজিজুৰ ৰহমান আৰু বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক চন্দন গোস্বামীয়ে বিচাৰক হিচাপে দায়িত্ব পালন কৰা প্ৰতিযোগিতাখনৰ ফলাফলসমূহ হ’ল:
Home Away from Home
- প্ৰথম: সূৰজ প্ৰতিম সেনচোৱা (MCJ)
- দ্বিতীয়: কৰণজিৎ কোঁৱৰ (MCJ)
- তৃতীয়: অংশ নৱৰং (পদাৰ্থ বিজ্ঞান বিভাগ)
Essence of Independence
- প্ৰথম: কেশৱ কাশ্যপ (MCJ)
- দ্বিতীয়: পাৰ্থিৱ সূত্ৰধৰ (MCJ)
- তৃতীয়: বন্দনা নেওগ (MCJ)
Nature
- প্ৰথম: জ্যোতিষ্মান বৰা
- দ্বিতীয়: হিতাকৃত চক্ৰৱৰ্তী
গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ৰূপালী জয়ন্তী বৰ্ষৰ অংশ হিচাপে আয়োজিত এই কাৰ্যসূচীয়ে ঐতিহ্য সংৰক্ষণ আৰু নতুন প্ৰজন্মৰ সৃষ্টিশীলতাক এক বিশেষ মঞ্চ প্ৰদান কৰে।
