দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত কেমেৰাত বন্দী বাঘৰ উপস্থিতি: অসমৰ বৰ্ষাৰণ্যত ঐতিহাসিক ক্ষণ

অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আহিছে এক অতি সুখবৰ। উদ্যানখনত প্ৰথমবাৰৰ বাবে বৈজ্ঞানিকভাৱে এটা মতা বাঘৰ উপস্থিতি নিশ্চিত কৰা হৈছে। জুলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া (ZSI) আৰু ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা পশ্চিম বন ৰেঞ্জৰ যৌথ কেমেৰা ট্ৰেপিং নিৰীক্ষণৰ সময়ত এই বাঘটোৰ ছবি বন্দী হয়।

ইয়াৰ পূৰ্বে বন বিভাগৰ বিষয়া-কৰ্মীসকলে অঞ্চলটোত বাঘৰ খোজ (Pug marks) প্ৰত্যক্ষ কৰি ইয়াৰ উপস্থিতিৰ সন্দেহ প্ৰকাশ কৰিছিল। শেহতীয়াকৈ কেমেৰা ট্ৰেপত ধৰা পৰা এই আলোকচিত্ৰই সেই সন্দেহক সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তি প্ৰদান কৰিলে।

অসমৰ বৰ্ষাৰণ্যৰ জৈৱ-বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰৰ সমৃদ্ধিৰ দিশৰ পৰা এইটো এক বিৰল তথা অত্যন্ত তাৎপৰ্যপূৰ্ণ সফলতা। বন বিভাগৰ বিষয়া আৰু বনকৰ্মীসকলৰ নিৰন্তৰ তহল, নিৰীক্ষণ আৰু নীৰৱ সতৰ্কতাৰ ফলতেই এই ঐতিহাসিক সফলতা লাভ কৰাটো সম্ভৱ হৈ উঠিছে। দিহিং পাটকাইৰ বুকুত বাঘৰ এই উপস্থিতিয়ে অসমৰ বন বিভাগৰ বাবে এক গৌৰৱময় ক্ষণ কঢ়িয়াই অনাৰ লগতে উদ্যানখনৰ সমৃদ্ধ পৰিৱেশিক স্বৰূপ পুনৰবাৰ প্ৰতিপন্ন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বান পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎকাৰ

অসমৰ বানপীড়িত অঞ্চলৰ পুনৰুদ্ধাৰ, পুনৰ সংস্থাপন আৰু জীৱিকা পুনৰুদ্ধাৰৰ...

কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ ৰূপনগৰত...