২৬/১১ মুম্বাই আক্ৰমণ: পাকিস্তানত থকা ৬ অভিযুক্তৰ বিৰুদ্ধে ভাৰতত বিচাৰ আৰম্ভ

২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানৰ পৰা সাগৰীয় পথেৰে আহি লস্কৰ-ই-তৈবাৰ ১০ জনীয়া সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে মুম্বাইত এক ভয়ংকৰ ধাৰাবাহিক আক্ৰমণ চলাইছিল। এই অমানুষিক আক্ৰমণত ১৬৬ জন নিৰপৰাধ লোক নিহত হৈছিল আৰু তিনিশৰো অধিক লোক আহত হৈছিল । বৰ্তমান এই ২০০৮ চনৰ ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত পাকিস্তানস্থিত ৬ অভিযুক্তৰ বিৰুদ্ধে ভাৰতত আৰম্ভ হৈছে অনুপস্থিতিত বিচাৰ (Trial in Absentia)ৰ প্ৰক্ৰিয়া।

এই তালিকাত আছে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ (LeT) প্ৰতিষ্ঠাপক হাফিজ মহম্মদ ছইদ আৰু সংগঠনটোৰ শীৰ্ষ অপাৰেচনেল কমাণ্ডাৰ জাকিউৰ-ৰহমান লখভী। ভাৰতীয় নতুন ফৌজদাৰী প্ৰক্ৰিয়াৰ বিধি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩ৰ ধাৰা ৩৫৬ৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিদেশত আত্মগোপন কৰি থকা আৰু ভাৰতলৈ প্ৰত্যাৰ্পণ সম্ভৱ নোহোৱা অভিযুক্তৰ বিৰুদ্ধে বিচাৰ আগবঢ়োৱাৰ ক্ষেত্ৰত এই ব্যৱস্থা এক গুৰুত্বপূৰ্ণ আইনী নজিৰ হিচাপে বিবেচিত হৈছে।

কোন কোন অভিযুক্তৰ বিৰুদ্ধে বিচাৰ?

২৬/১১ আক্ৰমণৰ গোচৰত মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে ২০০৯ চনত দাখিল কৰা বিস্তৃতঅভিযোগপত্ৰত নাম থকা গুৰুত্বপূৰ্ণ অভিযুক্তসকলৰ ভিতৰত এই ৬জন আছে। তেওঁলোক হৈছে— হাফিজ মহম্মদ ছইদ, জাকিউৰ-ৰহমান লখভী, ছাজিদ মীৰ, আবু আলকামা, আছিম ওৰফে আবু কাহাফা, মেজৰ আব্দুৰ ৰহমান পাশা, পাকিস্তান সেনাৰ প্ৰাক্তন বিষয়া ভাৰতীয় তদন্তকাৰী সংস্থাৰ মতে, ২০০৮ চনৰ ২৬ৰ পৰা ২৯ নৱেম্বৰলৈ মুম্বাইত সংঘটিত আক্ৰমণৰ পৰিকল্পনা, প্ৰশিক্ষণ, যোগাযোগ আৰু অভিযান পৰিচালনাত এই অভিযুক্তসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।

২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানৰ পৰা সাগৰপথে মুম্বাইত প্ৰৱেশ কৰা ১০জন লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীয়ে একাধিক স্থানত সমন্বিত আক্ৰমণ চলাইছিল।

ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ, তাজ মহল পেলেচ হোটেল, অবেৰয় ট্ৰাইডেণ্ট আৰু নৰিমান হাউছকে ধৰি বিভিন্ন স্থানত চলা আক্ৰমণত ১৬৬জন লোক নিহত হৈছিল আৰু বহু লোক আহত হৈছিল।

কি প্ৰমাণৰ ভিত্তিত আগবাঢ়িব বিচাৰ?

মুম্বাই আৰক্ষী আৰু ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই প্ৰায় দুটা দশক ধৰি সংগ্ৰহ কৰা বিভিন্ন তথ্য-প্ৰমাণ এই গোচৰৰ মূল ভিত্তি হ’ব।

ইয়াৰ ভিতৰত অন্যতম হৈছে ২৬/১১ আক্ৰমণৰ একমাত্ৰ জীৱিত ধৃত সন্ত্ৰাসবাদী আজমল আমীৰ কাছাবৰ ন্যায়িক স্বীকাৰোক্তি। কছাবক ২৬ নৱেম্বৰৰ নিশা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ভাৰতীয় আদালতে দোষী সাব্যস্ত কৰিছিল।

ইয়াৰ উপৰি তদন্তকাৰীসকলে সাক্ষীৰ বক্তব্য, কাৰিকৰী ইণ্টাৰচেপ্ট, ডিজিটেল আৰু ফৰেনছিক প্ৰমাণ আৰু আমেৰিকাৰ কাৰাগাৰত থকা পাকিস্তানী-মাৰ্কিন সন্ত্ৰাসবাদী ডেভিড ক’লমেন হেডলীৰ ভিডিঅ’ জবানবন্দীৰ ওপৰতো নিৰ্ভৰ কৰিছে।

ভাৰতীয় তদন্তত ২৬/১১ আক্ৰমণৰ সময়ত পাকিস্তানৰ কৰাচীৰ পৰা সন্ত্ৰাসবাদীসকলক নিৰ্দেশনা প্ৰদান কৰা নিয়ন্ত্ৰণ কক্ষৰ বিষয়েও গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছিল।

কিয় গুৰুত্বপূৰ্ণ এই পদক্ষেপ?

বিদেশত আত্মগোপন কৰি থকা অভিযুক্তক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাত আইনী আৰু কূটনৈতিক বাধা থকাৰ ফলত বহু গুৰুতৰ গোচৰৰ বিচাৰ দীৰ্ঘদিন ধৰি স্থগিত হৈ আছে।BNSSৰ ধাৰা ৩৫৬ৰ ব্যৱহাৰে এনে অভিযুক্তৰ বিৰুদ্ধে নিৰ্দিষ্ট চৰ্ত পূৰণ সাপেক্ষে অনুপস্থিতিত বিচাৰৰ পথ মুকলি কৰিছে। ২৬/১১ গোচৰত এই বিধানৰ ব্যৱহাৰে ভৱিষ্যতে বিদেশত আশ্ৰয় লৈ থকা সন্ত্ৰাসবাদী আৰু অন্যান্য পলাতক অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় তদন্তকাৰী সংস্থাসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ আইনী নজিৰ সৃষ্টি কৰিব পাৰে।

ইফালে, ২৬/১১ গোচৰৰ আন এজন অভিযুক্ত তাহাৱুৰ ৰাণাক আমেৰিকাৰ পৰা ২০২৫ চনত ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হৈছিল। বৰ্তমান তেওঁ ভাৰতীয় তদন্তকাৰী সংস্থাৰ জিম্মাত আছে আৰু গোচৰটোৰ বিচাৰৰ সন্মুখীন হৈছে।

মুম্বাইত আৰম্ভ হোৱা এই বিচাৰৰ প্ৰক্ৰিয়াই সেয়েহে কেৱল ২৬/১১ আক্ৰমণৰ অভিযুক্তসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থাকেই আগুৱাই নিয়া নহয়, বৰং বিদেশত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী পলাতকসকলৰ বিৰুদ্ধে ভাৰতৰ আইনী যুঁজৰ ক্ষেত্ৰতো এক নতুন অধ্যায়ৰ সূচনা কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বান পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎকাৰ

অসমৰ বানপীড়িত অঞ্চলৰ পুনৰুদ্ধাৰ, পুনৰ সংস্থাপন আৰু জীৱিকা পুনৰুদ্ধাৰৰ...

কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ ৰূপনগৰত...