শ্বিলং লাজংক ৫-২ গ’লত হৰুৱাই ডুৰাণ্ড কাপৰ ছেমিফাইনেলত নৰ্থ-ইষ্ট ইউনাইটেড । ডুৰাণ্ড কাপৰ কোৱাৰ্টাৰ ফাইনেলত শ্বিলং লাজংৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শনেৰে ৫-২ গ’লত জয়লাভ কৰিলে নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে। এই জয়ৰ লগে লগে ডুৰাণ্ড কাপৰ ছেমিফাইনেলত নিজৰ স্থান নিশ্চিত কৰিলে হাইলেণ্ডাৰ্ছ সকলে।
জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ধাৰাসাৰ বৰষুণৰ মাজতে ১১ মিনিটত নৰ্থ-ইষ্টে প্ৰথমটো গ’ল কৰিবলৈ সক্ষম হৈছিল। অধিনায়ক ৰিডিম ট্লাঙৰ দীঘলীয়া পাছৰ পৰা আলাদ্দিন আজাৰিয়ে শ্বিলং লাজঙৰ ডিফেন্স ভেদী এটা নিখুঁত শ্বটেৰে দলক ১-০ গ’লৰ ব্যবধানত আগুৱাই নিয়ে।
অৱশ্যে শ্বিলং লাজঙে অতি কমসময়ৰ ভিতৰতে প্ৰথমটো গ’ল দিবলৈ সক্ষম হয় । ২০ মিনিটত ফিগো চিণ্ডাইৰ গ’লৰ পিছতেই ৩৪ মিনিটত শ্বিলং লাজঙে ২-১ গ’লৰ ব্যাৱধানত বনাবলৈ সক্ষম হয়।
দ্বিতীয় হাফত নৰ্থ-ইষ্ট ইউনাইটেডে প্ৰদৰ্শন কৰে অতুলনীয় খেল। ৫৫ মিনিটত এত্যান জিছাছ গ’নজালেজ মৰালেছে গ’ল কৰি স্ক’ৰ ২-২ কৰে। মাত্ৰ তিনিমিনিট পিছতে আজাৰিয়ে পুনৰ গ’ল কৰি হাইলেণ্ডাৰ্ছক ৩-২ গ’লৰ ব্যাৱধানত আগুৱাই নিয়ে।
শ্বিলং লাজঙে সমতা ঘূৰাই আনিবলৈ আক্ৰমণ অব্যাহত ৰাখিলেও নৰ্থইষ্টৰ কাউণ্টাৰ এটেক অধিক ফলপ্ৰসূ হৈ উঠে। ৬৯ মিনিটত জিথিন এম এছৰ পাছৰ পৰা আজাৰাইয়ে তৃতীয়টো গ’ল কৰি নিজৰ হেট্ৰিক সম্পূৰ্ণ কৰে আৰু বৰ্তমানলৈ প্ৰতিযোগিতাৰ দ্বিতীয়টো।
ইয়াৰ পিছত ৭৯ মিনিটত জিথিন এম এছেই গ’ল কৰি নৰ্থইষ্টৰ অগ্ৰগতি ৫-২লৈ বৃদ্ধি কৰে। শেষৰ পৰ্যায়ত শ্বিলং লাজঙে কেইবাটাও চেষ্টা চলালেও নৰ্থ-ইষ্টে নিজৰ অগ্ৰগতি অটুট ৰাখে।
প্ৰথমাৰ্ধত ২-১ গ’লত পিছ পৰাৰ পিছত দ্বিতীয়াৰ্ধত চাৰিটা গ’ল কৰি ৫-২ ব্যৱধানত জয়লাভ কৰা নৰ্থ-ইষ্ট ইউনাইটেডৰ এই প্ৰত্যাৱৰ্তন ডুৰাণ্ড কাপ -২০২৬ৰ অন্যতম ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেল হিচাপে এতিয়া চৰ্চা লাভ কৰিছে। এই জয়েৰে নৰ্থ-ইষ্টে ছেমিফাইনেলত প্ৰৱেশ কৰে।
