২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ ঘোষণা। মাটি কিনাৰ ক্ষেত্ৰত ৰাজ্যত আহি আছে কঠোৰ আইন। টকা থাকিলেই, মন গ’লেই এতিয়াৰে পৰা কিনিব নোৱাৰিব মাটি। ২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব। সত্ৰ ,মন্দিৰৰ ৫ কিঃমিঃ ব্যাসাৰ্ধত ক্ৰয় কৰিব নোৱাৰিব মাটি। বটদ্ৰৱা, বৰপেটাত কেৱল থাকিব পাৰিব স্থানীয় নাগৰিকহে।

আনহাতে বিৰোধীয়ে মাটি কিয় ক্ৰয় কৰিব নোৱাৰি কৰা প্ৰশ্নৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৰপেটা, বটদ্ৰৱাৰ ৫ কিলোমিটাৰ এলেকাত সোমাই নামাজ পঢ়াৰ মন নেকি? হিন্দু, মুছলমান বুলি কথা নাই নতুনকৈ কোনেও বৰপেটা, বটদ্ৰৱা, মাজুলী সত্ৰৰ সমীপত মাটি কিনিব নোৱাৰে। যদি সত্ৰ মন্দিৰত সোমোৱাৰ মন নাই কিয় এই বিধেয়কৰ বিৰোধীতা কৰিছে?

বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি জনাই দিয়ে যে সত্ৰ, নামঘৰ, ঐতিহাসিক কৃতীচিহ্নৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ম্যাদী পট্টা নথকা লোকক উচ্ছেদ কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাইলাকান্দিত ৬০ লাখ টকাৰ ইয়াবা টেবলেট সহ দুজনক গ্ৰেপ্তাৰ

হাইলাকান্দি জিলাত পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ...

আজি পুৱা ১০ বজাত এছিয়ান গেমছৰ ফাইনেলত চীনৰ বাও জিয়িৰ বিৰুদ্ধে লাভলীনা বৰগোঁহাই

ভাৰতীয় বক্সাৰ লাভলীনা বৰগোঁহাই আজি, ২ অক্টোবৰত পুৱা ১০...

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...