১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAM
CHARITY STREAMত প্ৰায় ১১ লাখ টকাৰ সাহায্য প্ৰদান ৰাইজৰ। ১১ লাখ টকাৰ সৈতে কেৰিমিনাতিয়ে নিজাববীয়াকৈ প্ৰদান কৰিব আৰু ২ লাখ টকা। মুঠ ১৩ লাখ টকা বান সাহায্য প্ৰদান কৰিব National Disaster Response Forceক।

উজনিৰ মহাপ্ৰলয়ৰ ১১ দিন। ১১ দিনে অবৰ্ণনীয় পৰিস্থিতিৰ মাজত দিন কটাইছে বানাক্ৰান্তই। বৰ্তমান বানপানী কিছু কমিলেও কমা নাই বানাক্ৰান্তৰ দুৰ্দশা। প্ৰলয়ংকৰী বানত নিশ্চিহ্ন বানাক্ৰান্তৰ সা-সম্পত্তি। দুৰ্যোগৰ সময়ত বানাক্ৰান্তৰ কাষত ঠিয় দিছে বহুজন। উজনিৰ পৰা নামনিলৈ সকলোৱে আগবঢ়াইছে সহায়ৰ হাত। বৰ্তমানৰ নৱ প্ৰজন্মৰ মাজত জনপ্ৰীয়তা অৰ্জন কৰা এজন অন্যতম ইউটিবাৰ কেৰিমিনাতিয়ে অসমলৈ আগবঢ়াইছে বান সাহায্য।

কেৰিমিনাতিয়ে মঙলবাৰে নিশা ৮: ৩০ বজাত ইউটিউবত CHARITY STREAM কৰে। প্ৰায় ৮ ঘন্টা সময় CHARITY STREAM কৰে কেৰিয়ে। কেৰিমিনাতিয়ে CarryisLive চেনেলত CHARITY STREAM কৰিছিল। ৮ ঘন্টাৰ CHARITY STREAMত বন্ধুৰ সৈতে একেলগে গেম খেলি থাকি লাইভত সংযুক্ত হোৱা লোকসকলৰ পৰা বিচাৰিছিল সাহায্য। অনুৰাগীয়ে প্ৰদা কৰে ১১ লাখ টকা। ১১ লাখ টকাৰ সৈতে কেৰিমিনাতিয়ে নিজাববীয়াকৈ প্ৰদান কৰিব আৰু ২ লাখ টকা। মুঠ ১৩ লাখ টকা বান সাহায্য প্ৰদান কৰিলে ইউটিউবাৰজনে। ইউটিউবাৰজনৰ CarryMinati চেনেলত আছে 45.7M subscribers আৰু CarryisLive
চেনেলত আছে 12.6M subscribers

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...

হৃদযন্ত্ৰৰ নিজস্ব ক্ষুদ্ৰ ‘মগজু’ আছে; আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে

বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে মানুহৰ হৃদযন্ত্ৰত নিজাকৈ এটা সৰু...