APL নিলামত সৰ্বাধিক দামী খেলুৱৈৰূপে পৰিগণিত হয় ডেনিছ দাস

অসম ক্ৰিকেট সন্থাই প্ৰথমবাৰৰ বাবে আয়োজন কৰিব লগা অসম প্ৰিমিয়াৰ লীগ [এ পি এল] ৰ খেলুৱৈ নিলাম দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হয়৷ অতি ৰোমাঞ্চকৰ এই নিলামত বৰপেটা ব্ৰেভছে ১২.৬০ লাখ টকাৰে ক্ৰয় কৰে মাৰ্কি প্লেয়াৰ ডেনিছ দাসক৷ কাৰ্যতঃ ৰাজ্যৰ নিৰ্ভৰযোগ্য বেটাৰ ডেনিছে প্ৰথম এপিএলৰ সবাতোকৈ দামী খেলুৱৈৰূপে পৰিগণিত হয়৷

ইফালে, মাৰ্কি খেলুৱৈসকলৰ নিলামত উইকেটকক্ষক বেটাৰ সুমিত ঘাদিগাঁওকাৰক ১২.২০ লাখ টকাত চৰাইদেউ ছানৰাইজাৰ্ছে নিজৰ দলত অন্তৰ্ভুক্ত কৰায়৷ আনহাতে, অভিজ্ঞ বেটাৰ শিৱশংকৰ ৰয়ক বৰাক লিজেণ্ডছে ১২ লাখ টকাত ক্ৰয় কৰে৷ ইফালে, আয়ুষ্মান মালাকাৰ আৰু অলৰাউণ্ডাৰ স্বৰূপম পুৰকায়স্থ নিলামৰ শীৰ্ষ পাঁচজন ক্ৰিকেটাৰৰ ভিতৰত থাকে৷ দুই মাৰ্কি খেলুৱৈক তেজপুৰ টাইটানছ আৰু যোৰহাট ষ্টেলিয়নে ক্ৰমে ১১.৮০ লাখ টকাকৈ দি ক্ৰয় কৰে৷

গুৱহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়াম চৌহদৰ ‘৯১ য়াৰ্ডছ ক্লাব’ৰ পেক্ষাগৃহত হোৱা এই নিলামত বৰাক লিজেণ্ডছে মাৰ্কি খেলুৱৈ আব্দুল আজিজক ৮.৪০ লাখ টকা তথা ভাৰ্গব প্ৰতিমক ৫.২০ লাখ টকাত দলত ল’বলৈ সক্ষম হয়৷ ইফালে, ডেনিছক লোৱা বৰপেটা ব্ৰেভছে সৌৰভ দিহিঙীয়াক ৭.৮০ লাখ টকাৰ বিনিময়ত ক্ৰয় কৰাৰ বিপৰীতে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে সাহিল জৈনক ৭.২০ লাখ আৰু জিতুমণি কলিতাক ৬.২০ লাখ টকাত দলত অন্তৰ্ভুক্ত কৰে৷ তেজপুৰ দলে সাত লাখত ক্ৰয় কৰে আকাশ সেনগুপ্তাক৷ আনহাতে, পেচ বলাৰ মুক্তাৰ হুছেইনক গুৱাহাটী ৰয়েলছে ৩.২০ লাখত দলত লয়৷ একে ধন খৰছ কৰি ৰাহুল সিঙক ক্ৰয় কৰে নগাঁও ৰেঞ্জাৰ্ছ দলে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...

মহাকাশতো চীনৰ চোৰাংচোৱাগিৰি! এতিয়াৰ পৰা প্ৰতিটো উপগ্ৰহত নজৰ ৰাখিব চীনে

মহাকাশত চীনৰ চোৰাংচোৱাগিৰিৰ নতুন কৌশল! পৃথিৱীৰ কক্ষপথত থকা উপগ্ৰহসমূহৰ...

মুম্বাইৰ কোষ্টেল ৰোডত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা বাগৰি পৰিল BMW

দেওবাৰে পুৱতি নিশা মুম্বাইৰ কোষ্টেল ৰোডত এখন দ্ৰুতবেগী BMW...

নৱম শ্ৰেণীতেই হাতত টোকাৰী লৈ উপস্থিত হৈছিল ৰেডিঅ’ কেন্দ্ৰত, আজিলৈকে লাভ কৰা নাই নিয়মীয়া শিল্পী পেন্সন

নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই টোকাৰী লৈ ডিব্ৰুগড় ৰেডিঅ’ কেন্দ্ৰত...