আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেওঁৰ এক নাটকীয় সিদ্ধান্তৰ পৰা অৱশেষত পিছুৱাই যাবলৈ বাধ্য হৈছে। বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ তেল পৰিবহণ পথ ‘ষ্ট্ৰেইট অব হৰমুজ’ (Strait of Hormuz)-এদি যাতায়াত কৰা সকলো মালবাহী জাহাজৰ ওপৰত আৰোপ কৰিবলৈ লোৱা ২০% শুল্কৰ (Toll) সিদ্ধান্ত ঘোষণাৰ ২৪ ঘণ্টাৰ ভিতৰতে বাতিল কৰে ট্ৰাম্পে। মধ্যপ্ৰাচ্যৰ মিত্ৰশক্তি তথা উপসাগৰীয় দেশসমূহৰ (Gulf Nations) তীব্ৰ কূটনৈতিক হেঁচা আৰু হোৱাইট হাউচৰ শীৰ্ষ বিষয়াসকলৰ আপত্তিৰ পাছতে আমেৰিকাই এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰে।
শুল্ক আৰোপ কৰাৰ পৰিৱৰ্তে এতিয়া উপসাগৰীয় দেশসমূহৰ সৈতে বাণিজ্য আৰু বিনিয়োগ চুক্তিতহে গুৰুত্ব দিয়া হ’ব বুলি ট্ৰাম্পে স্পষ্ট কৰি দিছে।
কিহৰ বাবে হঠাতে স্থিতি সলনি কৰিলে ট্ৰাম্পে?
সোমবাৰে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে হৰমুজ প্ৰণালীৰ নিৰাপত্তাৰ দায়িত্ব আমেৰিকাই ল’ব আৰু তাৰ বিনিময়ত এই জলপথেৰে পাৰ হোৱা সকলো জাহাজৰ পৰা ২০% জৰিমনা বা শুল্ক আদায় কৰিব। ট্ৰাম্পৰ এই হঠকাৰী ঘোষণাত তেওঁৰ নিজৰ প্ৰশাসনৰ একাংশ বিষয়া আৰু মধ্যপ্ৰাচ্যৰ সহযোগী দেশসমূহ স্তম্ভিত হৈ পৰিছিল।
এই ঘোষণাৰ পাছতে পৰিস্থিতি চম্ভালিবলৈ চৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰশ্বাহী (UAE), বাহৰেইন আৰু কাটাৰৰ ৰাষ্ট্ৰপ্ৰধানসকলে পোনপটীয়াকৈ ট্ৰাম্পৰ সৈতে যোগাযোগ কৰে। তেওঁলোকে এই সিদ্ধান্তৰ ফলত বিশ্ব অৰ্থনীতিত হ’ব পৰা ভয়ংকৰ ক্ষতিৰ কথা বুজাই দিয়ে। অৱশেষত মঙলবাৰে ট্ৰাম্পে ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছচিয়েল’ (Truth Social)-ত এই শুল্ক বাতিল কৰাৰ কথা ঘোষণা কৰি লিখে:
“মধ্যপ্ৰাচ্যৰ নেতৃত্বৰ সৈতে হোৱা অতি ফলপ্ৰসূ আলোচনাৰ ভিত্তিত মই ২০% শুল্কৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। ইয়াৰ পৰিৱৰ্তে বিভিন্ন উপসাগৰীয় দেশে আমেৰিকা যুক্তৰাষ্ট্ৰত কৰিবলগীয়া বাণিজ্য আৰু বিনিয়োগ চুক্তিক অগ্ৰাধিকাৰ দিয়া হ’ব।”
হোৱাইট হাউচৰ ভিতৰচৰাতে হৈছিল তীব্ৰ বিৰোধিতা
ছিএনএন (CNN)ৰ এক প্ৰতিবেদন অনুসৰি, ট্ৰাম্পৰ এই পৰিকল্পনাক লৈ যোৱা কেইবামাহো ধৰি তেওঁৰ নিজৰ উপদেষ্টা আৰু প্ৰশাসনিক বিষয়াসকলে আপত্তি দৰ্শাই আহিছিল। বিষয়াসকলে আশংকা প্ৰকাশ কৰিছিল যে—
- এই শুল্কৰ ফলত বিশ্বজুৰি তেল আৰু গেছৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাব, যাৰ পোনপটীয়া প্ৰভাৱ আমেৰিকাৰ আসন্ন মধ্যকালীন নিৰ্বাচনত পৰিব পাৰে।
- আন্তঃৰাষ্ট্ৰীয় জলপথত যাতায়াতৰ বাবে কোনো দেশে যাতে মাচুল আদায় কৰিব নোৱাৰে, আমেৰিকাই সদায় সেই স্থিতিকেই সমৰ্থন কৰি আহিছে। গতিকে ট্ৰাম্পৰ এই পদক্ষেপে আমেৰিকাৰে পূৰ্বৰ নীতি উলংঘা কৰিলেহেঁতেন। আমেৰিকাৰ বৈদেশিক সচিব মাৰ্ক’ ৰুবিঅ’ই শেহতীয়াকৈ ৰাজহুৱাভাৱে কৈছিল যে আন্তঃৰাষ্ট্ৰীয় জলপথসমূহ সম্পূৰ্ণ কৰমুক্ত হোৱাটোৱেই গোলকীয় নিয়ম।
নীতি সলনি হ’লেও হ্ৰাস পোৱা নাই সংঘাত
যদিও ট্ৰাম্পে শুল্কৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে, তথাপিও উপসাগৰীয় অঞ্চলটোত সামৰিক উত্তেজনা অব্যাহত আছে। আমেৰিকাই ইৰানৰ কেইবাটাও উপকূলীয় অঞ্চল আৰু বন্দৰ লক্ষ্য কৰি চলোৱা বিমান আক্ৰমণৰ ২৪ ঘণ্টাও পাৰ নৌহওঁতেই এই নীতি সলনিৰ সিদ্ধান্ত আহে। আমেৰিকাই দাবী কৰা মতে, ইৰানে হৰমুজ প্ৰণালীত ইউ এ ই (UAE)ৰ দুখন তেলবাহী জাহাজত কৰা আক্ৰমণৰ প্ৰতিশোধ হিচাপেই এই বোমা বৰ্ষণ কৰা হৈছিল।
আনহাতে, ইৰানেও প্ৰত্যুত্তৰত বাহৰেইন আৰু জৰ্ডানত থকা আমেৰিকাৰ সৈতে জড়িত ঘাটি আৰু সামৰিক জাহাজসমূহক লক্ষ্য কৰি আক্ৰমণ চলাইছে, য’ত ইতিমধ্যে দুজন লোক নিহত হৈছে। মঙলবাৰে সন্ধিয়াৰ পৰা ইৰানী জাহাজসমূহৰ ওপৰত সম্পূৰ্ণ নৌ-অৱৰোধ (Naval Blockade) আৰম্ভ হোৱাৰ বাবে সমগ্ৰ অঞ্চলটোত যুদ্ধসদৃশ পৰিস্থিতি বিৰাজ কৰিছে।
