প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা অন্য কোনো মন্ত্ৰী ধাৰাবাহিকভাৱে ৩০ দিন আৰক্ষী বা ন্যায়িক জিম্মাত থাকিলে তেওঁলোকক পদৰ পৰা অপসাৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন বিধেয়ক আনিছিল। কিন্তু ৩০ দিন জিম্মাত থকাৰ বাবেই মন্ত্ৰীসকলক পোনপটীয়াভাৱে অপসাৰণ কৰাৰ পক্ষত নাই সংসদৰ যৌথ কমিটি (JPC)। ইয়াৰ পৰিৱৰ্তে সংশ্লিষ্ট মন্ত্ৰীসকলক কেৱল নিলম্বন কৰাৰহে পৰামৰ্শ আগবঢ়াইছে কমিটিয়ে।
যোৱা বছৰৰ আগষ্ট মাহত সংসদৰ বৰ্ষাকালীন অধিবেশনৰ শেষৰ ফালে কেন্দ্ৰীয় চৰকাৰে ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিছিল। সেই বিধেয়ক অনুসৰি, কোনো প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা মন্ত্ৰী ৩০ দিন জিম্মাত থাকিলে আৰু নিজে পদত্যাগ নকৰিলে, ৩১ সংখ্যক দিনা তেওঁৰ মন্ত্ৰিত্ব স্বয়ংক্ৰিয়ভাৱে অন্ত পৰিব। সংসদত এই বিলখন উত্থাপন হোৱাৰ পিছতেই ইয়াক পৰ্যালোচনাৰ বাবে যৌথ সংসদীয় কমিটিৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল।
সংবাদ সংস্থা ‘পিটিআই’ (PTI)ৰ খবৰ অনুসৰি, যৌথ সংসদীয় কমিটিয়ে মন্ত্ৰীসকলক পদৰ পৰা একেবাৰেই অপসাৰণ কৰাৰ প্ৰস্তাৱত সন্মতি জনোৱা নাই। বৰঞ্চ, গুৰুতৰ অপৰাধৰ অভিযোগত ধাৰাবাহিকভাৱে ৩০ দিন জিম্মাত থাকিলে তেওঁলোকক সাময়িকভাৱে নিলম্বন কৰাৰ পৰামৰ্শ দিছে। ইয়াৰ লগতে কমিটিয়ে এইটোও কৈছে যে যদি নিলম্বিত হোৱাৰ পিছত কোনো ব্যক্তি নিৰ্দোষী সাব্যস্ত হয়, তেন্তে তেওঁৰ নিলম্বন প্ৰত্যাহাৰ কৰিব লাগে। আনকি এক নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি বিচাৰ প্ৰক্ৰিয়াৰ কোনো অগ্ৰগতি নহয়, তেন্তে নিলম্বনৰ সিদ্ধান্ত সলনি কৰাৰো পৰামৰ্শ দিছে কমিটিয়ে।
অহা সপ্তাহতে সংসদত এই যৌথ সংসদীয় কমিটিৰ প্ৰতিবেদন গ্ৰহণ কৰা হ’ব। পিটিআইৰ অনুসৰি, কমিটিয়ে তাত ‘অপসাৰণ’ শব্দটোৰ সলনি ‘নিলম্বন’ শব্দটো ব্যৱহাৰ কৰিবলৈ কৈছে। ইয়াৰ উপৰিও ‘গুৰুতৰ অপৰাধ’ বুলিলে কি বুজোৱা হৈছে, তাৰো ব্যাখ্যা ডাঙি ধৰিছে কমিটিয়ে। জেপিচি (JPC)ৰ মতে, যিবোৰ অপৰাধৰ ক্ষেত্ৰত ৫ বছৰ বা তাতকৈ অধিক সময়ৰ কাৰাদণ্ডৰ সম্ভাৱনা থাকে, সেইবোৰকহে ‘গুৰুতৰ অপৰাধ’ বুলি গণ্য কৰা হ’ব।
যৌথ সংসদীয় কমিটিৰ মতে, কোনো ব্যক্তি নিৰ্দোষ প্ৰমাণিত হোৱাৰ পিছত যাতে তেওঁ পুনৰ মন্ত্ৰীপদ ঘূৰাই পোৱাৰ সুযোগ থাকে, সেয়া সুনিশ্চিত কৰিবলৈ এই সুৰক্ষা কৱচটো থকাটো অত্যন্ত প্ৰয়োজনীয়। উল্লেখ্য যে, এই বিধেয়কখনক লৈ গঠিত যৌথ সংসদীয় কমিটিত বিৰোধী শিবিৰৰ বেছিভাগ দলেই অংশ লোৱা নাই। এনডিএ (NDA) চৰকাৰৰ বিৰুদ্ধে ‘ৰাজনৈতিক ষড়যন্ত্ৰ’ৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টিৰ দৰে বিৰোধী দলসমূহে এই জেপিচি বয়কট কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁলোকৰ মতে, বিৰোধী শাসিত ৰাজ্য চৰকাৰসমূহক ইচ্ছাকৃতভাৱে অস্থিৰ কৰি তুলিবলৈ এই বিলখন ব্যৱহাৰ কৰা হ’ব পাৰে। পৰৱৰ্তী সময়ত এই বিধেয়ক পৰ্যালোচনাৰ বাবে গঠিত যৌথ সংসদীয় কমিটিৰ অধ্যক্ষৰ দায়িত্ব দিয়া হয় ওড়িশাৰ ভুবনেশ্বৰৰ বিজেপি সাংসদ অপৰাজিতা সাৰংগীক।
