চলিত বিশ্বকাপ ফুটবলৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ৰেফাৰীৰ ওপৰত খং উজাৰিলে লিয়োনেল মেছিয়ে। পৰ্তুগালৰ ৰেফাৰী জোয়াও পিনেইৰোৰ কথা কোৱাৰ ধৰণ একেবাৰেই পছন্দ নহ’ল এলএম টেন (LM10)ৰ। খেলপথাৰতে আঙুলি টোৱাই ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ দেশৰ ৰেফাৰীগৰাকীক স্পষ্টভাৱে সকীয়াই দিয়ে আৰ্জেণ্টিনাৰ অধিনায়কজনে।
চলিত বিশ্বকাপৰ এই গুৰুত্বপূৰ্ণ মেচখনত মেছিয়ে কোনো গ’ল স্ক’ৰ কৰিব নোৱাৰিলে। ছুইজাৰলেণ্ডৰ বিৰুদ্ধে বাৰে বাৰে তেওঁৰ চেষ্টা ব্যৰ্থ হোৱাৰ বাবে মেছি কিছু পৰিমাণে বিৰক্ত হৈ পৰা দেখা গৈছিল। খেলৰ দ্বিতীয়ার্ধত ছুইজাৰলেণ্ডৰ এটা ফ্ৰীকিকক কেন্দ্ৰ কৰি মেছিয়ে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। আচলতে, আৰ্জেণ্টিনাৰ খেলুৱৈসকলে সৃষ্টি কৰা মানৱ দেৱাল (Human Wall)ত মেছিও থিয় হৈ আছিল। সেই সময়তে পৰ্তুগীজ ৰেফাৰীজনে এটা নিৰ্দেশ দিয়ে, যিটো মেছিয়ে পচন্দ কৰা নাছিল আৰু তেওঁ ইয়াৰ আপত্তি দৰ্শায়। ইয়াৰ পিছতে পিনেইৰোৱে কঠোৰ ভাষাৰে কিবা এটা ক’বলৈ চেষ্টা কৰাৰ লগে লগে মেছিয়ে খং সম্বৰণ কৰিব নোৱাৰিলে।
তেওঁ লগে লগে ৰেফাৰীৰ ফালে আঙুলি টোৱাই কয়, ‘‘মোৰ সৈতে ভদ্ৰভাৱে কথা পাতক। মোক অসন্মান কৰি কথা নক’ব। মই আপোনাৰ লগত সন্মানেৰে কথা পাতি আছোঁ, গতিকে আপুনিও মোৰ সৈতে ভদ্ৰভাৱে কথা পাতিব লাগিব।’’ মেছিৰ এনে উগ্ৰ ৰূপ দেখি ৰেফাৰীজনেও কথা আৰু বেছি দীঘল নকৰিলে। এই সমগ্ৰ ঘটনাৰ ছবি আৰু ভিডিঅ’ ইতিমধ্যে ছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে।
৩৮ বছৰীয়া পিনেইৰো ফুটবল জগতত এজন অত্যন্ত কঠোৰ ৰেফাৰী হিচাপে পৰিচিত। খেলপথাৰত অতিৰিক্ত কাৰ্ড দেখুওৱাৰ অভিযোগো আছে তেওঁৰ বিৰুদ্ধে আৰু বহুবাৰ বিতৰ্কতো সাঙোৰ খাই পৰিছে তেওঁ। এই বিশ্বকাপৰে ছুইজাৰলেণ্ড বনাম বছনিয়া মেচখনত তেওঁ ৰেফাৰীৰ দায়িত্বত আছিল, য’ত তেওঁ বছনিয়াৰ তাৰিক মুহাৰেমোভিচক ৰেড কাৰ্ড দেখুৱাইছিল। অৱশ্যে ইয়াৰ পিছৰ ৰাউণ্ড অৱ ১৬ ৰ কানাডা বনাম দক্ষিণ আফ্ৰিকাৰ মেচখনত তেওঁক যথেষ্ট শান্ত ৰূপত দেখা গৈছিল আৰু মাত্ৰ দুখন হালধীয়া কাৰ্ডহে ব্যৱহাৰ কৰিছিল।
জানিব পৰা মতে, পিনেইৰোৰ সন্দৰ্ভত পূৰ্বৰে পৰা খবৰ লৈয়ে খেলপথাৰত নামিছিল মেছি বাহিনী। ৰেফাৰীজনে যাতে মেচখনত অতিৰিক্ত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে, তাৰ বাবে হয়তো মেছিয়ে সুযোগ বুজি ৰোনাল্ডোৰ দেশৰ ৰেফাৰীগৰাকীক নিজৰ ওজন আৰু মৰ্যাদাৰ কথা সোঁৱৰাই দিলে।
