ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ‘শূন্য সহনশীল নীতি’ (Zero Tolerance Policy)ৰ অংশ হিচাপে আজি এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। নলবাৰী জিলাৰ দৌলাশালস্থিত চতুর্দশ অসম আৰক্ষী বাহিনীৰ চৌহদত ৰাজ্যিক পর্যায়ত নিচাযুক্ত দ্রব্য বিনষ্টকৰণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় চৰকাৰৰ সহযোগত স্থাপন কৰা এটা বিশেষ সুৰক্ষিত যন্ত্ৰ চালনা কৰাৰ লগতে পথ ৰোলাৰ চলাই মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ সূচনা কৰে।
এই বিশেষ অভিযানৰ অধীনত অসম আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰা মুঠ ৪৭২.৫১ কোটি টকা মূল্যৰ হেৰ’ইন, গাঞ্জা, কফ ছিৰাপ, টেবলেট, কেপছুল, অপিয়াম, মর্ফিন আৰু কোকেইন আদি নিচাযুক্ত দ্রব্য বিনষ্ট কৰা হ’ব। এই বৃহৎ পৰিমাণৰ ড্ৰাগছসমূহ সম্পূৰ্ণৰূপে বিনষ্ট কৰিবলৈ প্ৰায় ১০ দিন সময়ৰ প্ৰয়োজন হ’ব বুলি জানিব পৰা গৈছে।
বিনষ্ট কৰিবলগীয়া ড্ৰাগছৰ খতিয়ান:
- ৫৮.৮৮ কিলোগ্রাম হেৰ’ইন
- প্ৰায় ৩৮ হাজাৰ কিলোগ্রাম গাঞ্জা
- ২.২৯ লাখ কফ ছিৰাপৰ বটল
- ৩৯ কিলোগ্রাম মর্ফিন
- প্ৰায় ১৮.৭১ লাখ মেথামফেটামাইন সহ য়াবা টেবলেট
- প্ৰায় ৪.৯৭ লাখ টেবলেট আৰু কেপছুল
সাংবাদিকসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই সদৰী কৰে যে বিগত পাঁচ বছৰত এন ডি পি এছ (NDPS) আইনৰ অধীনত ৰাজ্যত ৩,৩০০ টা গোচৰ পঞ্জীভুক্ত কৰা হৈছে আৰু বৰ্তমানলৈকে মুঠ ৩,২২৭ কোটি টকা মূল্যৰ নিচাযুক্ত দ্রব্য অসম আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত বহু অপৰাধীক ইতিমধ্যে আদালতে দোষী সাব্যস্ত কৰি কাৰাদণ্ডও বিহিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে ম্যানমাৰৰ পৰা অহা হেৰ’ইন আৰু য়াবা টেবলেট ভাৰতৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰাৰ ক্ষেত্ৰত অসম এটা ‘ট্ৰেঞ্জিট’ বা সংযোগকাৰী পথ হৈ পৰিছে। এই চোৰাং ব্যৱসায়ৰ মূল ব্যক্তিজন সাধাৰণতে বিদেশত থকা বাবে ইয়াক ৰোধ কৰাটো অতি প্ৰত্যাহ্বানমূলক। অৱশ্যে অসম, মণিপুৰ, মিজোৰাম আৰু পশ্চিমবংগ চৰকাৰে যদি যৌথভাৱে আৰু নিৰন্তৰভাৱে এই যুঁজ চলাই যায়, তেন্তে অসমক ট্ৰেঞ্জিট পথ হিচাপে ব্যৱহাৰ কৰাটো বন্ধ কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। ইয়াৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰচেষ্টাত ৰাজ্যসমূহৰ মাজত আন্তঃৰাজ্যিক সমন্বয় বহু বৃদ্ধি পাইছে বুলিও তেওঁ উল্লেখ কৰে।
আদালত আৰু আইনৰ গণ্ডীৰ ভিতৰত থাকি ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে চৰম কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক নিৰ্দেশ দিয়ে। কিছুদিন পূৰ্বে অসম বিধানসভাত শাসক-বিৰোধী উভয় পক্ষৰ বিধায়কে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ আহ্বান জনাইছিল। অহা পাঁচ বছৰত ড্ৰাগছৰ বিৰুদ্ধে অসম চৰকাৰ পূৰ্বতকৈও অধিক কঠোৰ হ’ব বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ পূৰ্ণ সহযোগিতা আৰু সজাগতা কামনা কৰে।
আজিৰ এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ৰাজ্যৰ বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান (DGP) হৰমীত সিং প্ৰমুখ্যে আৰক্ষীৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
