APL নিলামত ৩০০ খেলুৱৈ, ১৫ Icon ষ্টাৰ! যুৱ খেলুৱৈৰ বাবে সোণালী সুযোগ

✍️ মানস গোস্বামী

অসমৰ ক্ৰিকেট ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিবলৈ সাজু হৈছে অসম প্ৰিমিয়াৰ লীগ (APL)। অসম ক্ৰিকেট সন্থা (ACA)-ৰ এই উচ্চাকাংক্ষী টি-২০ প্ৰতিযোগিতাক লৈ ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে। ১ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব লগা এই লীগৰ আনুষ্ঠানিক ঘোষণাৰ পিছতে প্ৰতিযোগিতাটোৰ বিভিন্ন দিশক লৈ একাধিক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে।

উচ্চস্তৰৰ সূত্ৰৰ পৰা জানিব পৰা মতে, APLৰ প্ৰথম সংস্কৰণত প্ৰতিটো দলে খেলুৱৈ নিলামৰ বাবে সৰ্বাধিক ৫০ লাখ টকা আৰু ন্যূনতম ৩০ লাখ টকা ব্যয় কৰিব লাগিব। এই নিয়মে প্ৰতিযোগিতাত দলসমূহৰ মাজত এক সুস্থ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে সকলো ফ্ৰেঞ্চাইজীক শক্তিশালী দল গঠন কৰাৰ সুযোগ দিব।

সূত্ৰ অনুসৰি প্ৰতিটো দলৰ স্কোৱাডত প্ৰায় ২০ জন খেলুৱৈ থাকিব। IPLৰ প্ৰথম সংস্কৰণৰ দৰে লীগখনত ১৫ জন ‘Icon খেলুৱৈ’ ACA-এ নিৰ্বাচন কৰাৰ সম্ভাৱনা আছে। ৰাজ্যৰ অভিজ্ঞ আৰু প্ৰতিভাৱান ক্ৰিকেটাৰসকলক এই তালিকাত স্থান দিয়া হ’ব বুলি ধাৰণা কৰা হৈছে।

ইফালে, অসম তথা ভাৰতীয় ক্ৰিকেটৰ অন্যতম পৰিচিত মুখ ৰিয়ান পৰাগক লৈও অনুৰাগীসকলৰ মাজত চৰ্চা অব্যাহত আছে। কিন্তু জানিব পৰা মতে, আঘাতজনিত সমস্যাৰ বাবে ৰিয়ান পৰাগে APLৰ প্ৰথম সংস্কৰণত অংশগ্ৰহণ নকৰাৰ সম্ভাৱনাই অধিক। যদি সেয়া সত্য হয়, তেন্তে প্ৰতিযোগিতাটোৰ বাবে এইটো এক উল্লেখযোগ্য অনুপস্থিতি হ’ব।

সূত্ৰ অনুসৰি নিলাম প্ৰক্ৰিয়াত প্ৰায় ৩০০ জন খেলুৱৈৰ নাম অন্তৰ্ভুক্ত কৰা হ’ব। ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উদীয়মান ক্ৰিকেটাৰসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এক ডাঙৰ মঞ্চ লাভ কৰিব।

ইতিমধ্যে বহু যুৱ খেলুৱৈৰ মাজত APLত খেলাৰ আগ্ৰহ দেখা গৈছে। কিন্তু খেলুৱৈ পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে। সেয়ে নতুনকৈ কোনো খেলুৱৈয়ে এতিয়া নাম পঞ্জীয়ন কৰি নিলামত অংশগ্ৰহণ কৰাৰ সুযোগ নাপাব।

অসমৰ ক্ৰিকেট বিকাশৰ বাবে কিয় গুৰুত্বপূৰ্ণ APL?

APL কেৱল এটা টি-২০ প্ৰতিযোগিতা নহয়, APL হৈছে অসমৰ ক্ৰিকেটৰ ভৱিষ্যৎ গঢ় দিয়াৰ এক বৃহৎ পদক্ষেপ। এতিয়ালৈ বহু প্ৰতিভাৱান খেলুৱৈয়ে ৰাজ্যিক পৰ্যায়ত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ সীমিতভাৱে পাই আহিছে। APL-এ সেই ব্যৱধান দূৰ কৰিব পাৰে।

ফ্ৰেঞ্চাইজি ভিত্তিক এই লীগে একে সময়তে খেলুৱৈ, প্ৰশিক্ষক, সহায়ক কৰ্মচাৰী আৰু ক্ৰীড়া ব্যৱস্থাপনাৰ সৈতে জড়িত বহু লোকক নতুন সুযোগ প্ৰদান কৰিব। লগতে অসমৰ বিভিন্ন জিলাৰ খেলুৱৈসকলে পেছাদাৰী পৰিৱেশত খেলাৰ অভিজ্ঞতা লাভ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰিৱেশক শ্ৰদ্ধা কৰিহে সম্ভৱ মানুহৰ বিকাশ: জাপানৰ অধ্যাপক ট’ৰু টাৰাও

মানুহৰ বিকাশ আৰু পৰিৱেশৰ ভাৰসাম্য একেলগে আগবাঢ়িব লাগিব। পৰিৱেশক...

ঘাতক ঘনকান্তৰ পত্নী জোনমণি গগৈৰ ডাঙৰ খবৰ

জোনমণি গগৈক গুৱাহাটীলৈ নানে SITয়ে। ঘাতক ঘনকান্তৰ পত্নীক জিম্মাত...

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল বিক্ৰীত অনুমোদন ট্ৰাম্প প্ৰশাসনৰ

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল...

ভাৰত-ব্ৰাজিলৰ বাণিজ্য ২০ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য, প্ৰতিৰক্ষা আৰু AI খণ্ডতো সহযোগিতা

ভাৰত আৰু ব্ৰাজিলৰ মাজত ক্ৰমাৎ শক্তিশালী হৈছে কৌশলগত আৰু...