ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক। সামাজিক মাধ্যমত কৰিলে বিশেষ পোষ্ট। বিশ্বৰ সৰ্বাধিক জনবহুল দেশ ভাৰতৰ জনসংখ্যা আৰু জন্মৰ হাৰক লৈ ‘X’ত এটা পোষ্ট কৰি ইলন মাস্কে দাবী কৰিছে যে ভাৰতৰ জন্মহাৰ এতিয়া প্ৰতিস্থাপন স্তৰ অৰ্থাৎ REPLACEMENT LEVELৰ তললৈ নামিছে। মাস্কৰ এই মন্তব্যক লৈ এতিয়া বিশ্বজুৰি আৰম্ভ হৈছে ব্যাপক চৰ্চা।

‘X’ত ইলন মাস্কে লিখিছে “India’s birth rate has fallen below replacement. Among those most educated, India’s birth rate fell below replacement many years ago.” অৰ্থাৎ তেওঁৰ মতে, ভাৰতৰ জন্মৰ হাৰ প্ৰতিস্থাপন স্তৰ(Replacement Level)ৰ তললৈ নামিছে। আটাইতকৈ শিক্ষিতসকলৰ ভিতৰত ভাৰতৰ জন্মৰ হাৰ বহু বছৰৰ আগতে প্ৰতিস্থাপনৰ স্তৰ (Replacement Level) ৰ তললৈ নামি আহিছিল।

উল্লেখ্য যে ভাৰতৰ পূৰ্বৰ জন্মৰ হাৰ আছিল ২.৯ শতাংশ। কিন্তু সেই হাৰ এতিয়া নিম্নগামী হৈছে ১.৯ শতাংশলৈ। স্বাভাৱিকতেই মাস্কৰ এই পোষ্টৰ পিছতে দেশজুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়া।

মাস্কৰ ২ পত্নীৰ আছে ১৪টাকৈ সন্তান। তেখেতে ইয়াৰ আগতেও বিভিন্ন দেশৰ কমি অহা জন্মহাৰক লৈ উদ্বেগ প্ৰকাশ কৰি আহিছে আৰু জনসংখ্যাৰ হ্ৰাসে ভৱিষ্যতে অৰ্থনীতি আৰু কৰ্মশক্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বুলি মন্তব্য কৰি আহিছে।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...