মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন বিশ্বত। ষাঠিৰোৰ্ধ্বৰ বৃদ্ধই ব্যৱসায় কৰিলে মৃত্যুক লৈ। মানসিকভাৱে হতাশগ্ৰস্ত লোকক উচটনি দিলে জীৱন শেষ কৰিবলৈ। প্ৰাক্তন অভিযন্তা কেনেথ ল’ৰ কাণ্ডত হতবাক তদন্তকাৰী বিষয়া। কানাডাত সংঘটিত হৈছে এক অদ্ভুত ঘটনা।

অৱসৰৰ পিছত কানাডাৰ কেনেথ ল’ নামৰ বৃদ্ধজনে বিচাৰিছিল ব্যৱসায়ৰ ভিন্ন উপায়। কিন্তু তেওঁ বিচাৰি উলিয়ালে এক অদ্ভুত উপায়। আৰম্ভ কৰিলে ‘ছুইড কিট’ৰ ব্যৱসায়। কেইবাখনো দেশৰ হতাশগ্ৰস্ত লোকক জীৱন শেষ কৰাৰ বাবে উচটনি দিছিল এই বৃদ্ধজনে। হতাশগ্ৰস্ত বহু লোকলৈ পঠিয়াইছিল বিহৰ পেকেট। ২০২০ৰ পৰা ২০২৩ চনৰ ভিতৰত ৪১ খন দেশৰ প্ৰায় ১২০০ লোকলৈ বিহ যোগান ধৰিছিল লোকজনে। উল্লেখ্য যে কেনেথে এই কাম কৰিবলৈ সহায় লৈছিল ৱেবছাইটৰ। ৱেবছাইটৰ মাধ্যমেৰেই মানসিকভাৱে হতাশগ্ৰস্ত লোকৰ সন্ধান কৰিছিল। তাৰ পিছত যোগাযোগ কৰি নিজকে শেষ কৰাৰ বাবে উচটনি দিছিল বহু লোকক। কেনেথৰ ছুড কিটেৰে আ*ত্যা কৰিলে প্ৰায় ১৫০জনকৈ লোকে।

মৃত্যুক লৈ দৰদামো কৰিছিল কেনেথে। হতাশগ্ৰস্ত লোকজনৰ চম সিদ্ধান্তৰ প্ৰৱণতা বৃদ্ধি পালে অধিক দামত যোগান ধৰিছিল বিহৰ পেকেট। ইতিমধ্যে ৫৮ জনৰ মৃত্যুৰ কাৰণ এই ছুড কিট বুলি নিশ্চিত হৈছে। যিসকলৰ বয়স আছিল ১৬ৰ পৰা ৩৬ বছৰ। তদন্তকাৰী সংস্থাৰ মতে, এই কিটসমূহত উচ্চ মাত্ৰাৰ ছ’ডিয়াম নাইট্ৰাইট আদি বিপজ্জনক সামগ্ৰী আছিল। বহু লোকৰ ছুড নোট আৰু আত্মীয়ৰ গোচৰৰ ভিত্তিত কানাডাৰ আৰক্ষীয়ে চলাইছিল তদন্ত। তেতিয়াই পোহৰলৈ আহিল সমগ্ৰ ঘটনা। কানাডা আৰক্ষীৰ জেৰাত কেনেথে স্বীকাৰ কৰিছে নিজৰ দুস্কাৰ্যৰ কথা। যিকোনো এজন লোকক মৃত্যুৰ দুৱাৰডলিত উপস্থিত কৰাব পাৰিলে কেনেথে লিখে ‘MISSION SUCCESSFUL’। মে’ মাহৰ শেষত কানাডাৰ আদালতে ১৪জনৰ আ**ৰ গোচৰত কেনেথক গ্ৰেপ্তাৰ কৰিছে। কানাডাৰ এই ঘটনাই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বতে।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...