বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এখন চৰকাৰী বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়াইছিল। এই অনুদানেৰে বান্দিপোৰা জিলাৰ গৱৰ্ণমেণ্ট মিডল স্কুল নেৰো তুলাইলত এখন নতুন বিদ্যালয় ভৱন নিৰ্মাণ কৰা হৈছে। অভিনেতাগৰাকীৰ প্ৰয়াত পিতৃৰ স্মৃতিত এই নতুন ভৱনটোৰ নাম দিয়া হৈছে “শ্ৰী হৰি ওম ভাটিয়া এডুকেচন ব্লক”।
২০২১ চনত আগবঢ়োৱা এই আৰ্থিক সহায়ৰ জৰিয়তে বিদ্যালয়খনৰ আন্তঃগাঁথনি সম্পূৰ্ণৰূপে উন্নীত কৰা হয়। নতুন ভৱনত শ্ৰেণীকক্ষ, কম্পিউটাৰ লেব, গ্ৰন্থাগাৰ আৰু শিক্ষকসকলৰ বাবে কাৰ্যালয়ৰ সুবিধা সংযোজন কৰা হৈছে। লগতে মধ্যাহ্ন ভোজন আঁচনিৰ ক্ষেত্ৰতো অধিক পৰিষ্কাৰ আৰু সুসংগঠিত ব্যৱস্থা গঢ়ি তোলা হৈছে।
জানিব পৰা মতে, ২০২১ চনত সীমান্ত সুৰক্ষা বাহিনী (BSF)-ৰ আমন্ত্ৰণত অক্ষয় কুমাৰে গুৰেজ উপত্যকা ভ্ৰমণ কৰিছিল। সেই সময়ত তেওঁ তুলাইল গাঁৱৰ বিদ্যালয়খন পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত হয় আৰু বিদ্যালয়খনক সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ভ্ৰমণকালত তেওঁ BSF জোৱানসকলৰ সৈতে সময় কটায়, ফটো তোলে আৰু নৃত্যও কৰে। লগতে অঞ্চলটোৰ যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি অৰ্পণ কৰি দেশৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনায়।
নতুন ভৱন সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া ছাত্ৰ-ছাত্ৰীয়ে অধিক সুবিধাজনক পৰিৱেশত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছে। স্থানীয় লোক আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে জনোৱা মতে, উন্নত আন্তঃগাঁথনিয়ে শিক্ষাৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱৰ্তন আনিছে আৰু দেশৰ সীমান্ত অঞ্চলত শিশু শিক্ষাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।
অভিনয় জীৱনৰ ক্ষেত্ৰত, অক্ষয় কুমাৰক অতি সোনকালে “Welcome to the Jungle” আৰু “Haiwaan” ছবিত দেখা যাব।
